Breaking

বিশ্বনাথৰ পুৱ নাগশংকৰত বিজেপিৰ সভাঃ তিনি শতাধিকতকৈ অধিক লোকৰ বিজেপিত যোগদান…

0 30

সমাগত লোকসভা নিৰ্বাচন ৷ বিজেপি দলে নিৰ্বাচনী কুচকাৱাজ চলোৱাৰ সমান্তৰালকৈ ধাৰাবাহিকভাবে বিজেপিত যোগদানৰ প্ৰক্ৰিয়াও চলি আছে ৷ মোদী চৰকাৰৰ প্ৰতি আস্থা ৰাখি বহু সংখ্যক লোকে বিজেপিত যোগদান কৰিছে ৷ মংগলবাৰে বিজেপিৰ চতিয়া মণ্ডলৰ সভাপতি ঈশ্বৰ তিমসিনা সভাপতিত্বত পুৱ নাগশংকৰৰ টঙীয়া গাঁও লক্ষ্মীমন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা দলীয় সভাত ৩২০ গৰাকীকৈ অধিক লোকে আনুষ্ঠানিকভাবে বিজেপি দলত যোগদান কৰে ৷

চতিয়া মণ্ডল অনুসুচীত জনজাতি মৰ্চা আৰু পুৱ নাগ শংকৰ গাওঁ পঞ্চায়তৰ ১৩নং বুথৰ কাৰ্যকৰ্তা সকলৰ আহ্বান মৰ্মে উক্ত দলীয় সভাত বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে উপস্থিত থাকি বিজেপি দলৰ নীতি আদৰ্শ তথা চৰকাৰৰ বিভিন্ন জন কল্যান মুলক আচনি সমুহৰ ওপৰত আলোকপাত কৰি বক্তব্য ৰাখে ৷ লগতে সমাগত লোকসভা নিৰ্বাচনত শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তক ভোট দি জয়যুক্ত কৰিবৰ বাবে আহ্বান জনাই ৷ উক্ত দলীয় সভাত বিশ্বনাথ জিলা বিজেপিৰ উপসভাপতি সুজিত ভুমিজ, জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি বাব্ল বৰা, চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি লাচিত পাতৰ, চতিয়া মণ্ডলৰ উপসভাপতি ধ্ৰুৱ নাথ , সম্পাদক সুভাষ বাস্কে সহ পূৱ নাগশংকৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বুথৰ সভাপতি সম্পাদক তথা কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷

Leave A Reply