Breaking

ৰঙিয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মাৰাথন প্ৰচাৰ

0 2,033

অহা ৬ মাৰ্চ ২০২২ তাৰিখে অনুষ্ঠিত হবলগীয়া পৌৰসভা নিৰ্বাচনৰ বাবে শনিবাৰে ৰঙিয়া পৌৰসভাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত আয়োজিত ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ ১ নং ৱাৰ্ডৰ মনোনীত প্ৰাৰ্থী অমৰেন্দ্ৰ লহকৰ(ধন),২নং ৱাৰ্ডৰ বিউটি বেগম,৩নং ৱাৰ্ডৰ গুনুমণি বড়ো,৪নং ৱাৰ্ডৰ  মিতালী ডেকা,৫নং ৱাৰ্ডৰ গুঞ্জন দাস,৬নং ৱাৰ্ডৰ উত্তম পাল,৭নং ৱাৰ্ডৰ পূৰবী দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই।ৰঙিয়াত এখন শক্তিশালী পৌৰসভা গঠনৰ বাবে মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলক বিপুল ভোটত বিজয়ী কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা ৰাজ্যখনৰ উন্নয়নৰ অংশীদাৰ হ’বলৈ উপস্থিত সকলোকে আহ্বান জনায়।

এখন শক্তিশালী পৌৰসভা গঠনৰ লগতে ৰঙিয়াক নতুন ৰূপত জিলিকাই তুলিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলক বিপুল ভোটত বিজয়ী কৰি সৰ্বাংগীণ উন্নয়নৰ অংশীদাৰ হ’বলৈ ৰঙিয়া পৌৰ সভা অঞ্চলৰ ৰাইজৰ প্ৰতি আহ্বান জনায় কলিতাই।

লক্ষণীয়ভাৱে অধিকসংখ্যক মুছলিম ভোটাৰ থকা ২ নং ৱাৰ্ডৰ প্ৰাৰ্থী বিউটি বেগমৰ হৈ অনুষ্ঠিত প্ৰচাৰ সভাত কংগ্ৰেছ দলেহে মুছলিম সমাজক ভয় দেখুৱাই বছৰ বছৰ ধৰি ভোট আদায় কৰি আহিছে বুলি মন্তব্য কৰেকংগ্ৰেছ দলে বিগত সময়চোৱাত মুছলমান সকলক একো নিদিলে,কিন্তু ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোডীৰ চবকা চাথ,চবকা বিকাশ নীতিৰ দ্বাৰা আজি সকলোৱে সম মৰ্যাদা আৰু সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে ৰঙিয়াৰ স্থানীয় বিধায়ক গৰাকীয়ে।

Leave A Reply