Breaking

তেজপুৰত বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাঃ ভূপেন বৰাৰ দোকান এইবাৰ বন্ধ হ’ব

0 21

ৰকিবুল হুছেইন বৃহৎ শূন্য হ’ব আৰু কংগ্ৰেছে অসমত খাটা খুলিব নোৱাৰিব৷তেজপুৰত আজি এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ স’তে তেজপুৰৰ চানমাৰিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশলৈ বিজেপিৰ ৰাজ্যিক সভপতি জনে কয় কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে লোকসভা নিৰ্বাচনত ৰাজ্যত কংগ্ৰেছৰ ফলাফল শূন্য হ’ব বুলিও কটাক্ষ কৰে৷উল্লেখযোগ্য যে বৃহস্পতিবাৰে গহপুৰ, বিশ্বনাথ আৰু বৰচলাৰ বিধায়কক লগত লৈ শোণিতপুৰ লোকসভাৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই তেজপুৰৰ বিভিন্ন ঠাইত চলায় নিৰ্বাচনী প্ৰচাৰ৷ইয়াৰ পাছতে সন্ধ্যা তেজপুৰ চানমাৰীস্হিত বিজেপি কাৰ্যালয়ত ৰঞ্জিত দত্ত উপস্হিত হোৱাৰ লগতে চানমাৰী বিহু ফিল্ডত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত দত্তক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাই৷কলিতাই সংবাদমাধ্যমৰ আগত বিৰোধী মিত্ৰজোঁটৰ আশা অপূৰ্ণ হৈ থাকিব বুলি মন্তব্য কৰি কয় যে,ভূপেন বৰাৰ দোকান এইবাক বন্ধ হ’ব৷আনকি যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আঢ়ৈ লাখ ভোটৰ ব্যৱধানত পৰাজিত হ’ব বুলিও কলিতাই ভৱিষ্যতবাণী কৰে৷


বিজেপি প্ৰাৰ্থী তপন গগৈ বহু ভোটত বিজয়ী হ’ব বুলি মন্তব্য কৰা কলিতাই কয় যে,যোৰহাটবাসীয়ে বিজেপিক যথেষ্ট ভাল পায় আৰু ইয়াৰ বিপৰীতে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও যথেষ্ট ভাল পায় যোৰহাটক৷বিজেপিৰ ৰাজ্যিক সভাপতিজনে আনকি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতালৈকে নাহে বুলিও কয়৷ডিব্ৰুগড়ত লুৰীণজ্যোতি গগৈয়ে বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ লগত পাট্টা নাপায় বুলিও কলিতাই মন্তব্য কৰি পুনৰ কয় যে লুৰীণ তৃতীয় স্হানতহে থাকিব৷কেৱল সিমানেই নহয়,নগাঁৱতো বিজেপি প্ৰাৰ্থী সুৰেশ বৰা বিজয়ী হ’ব বুলি সদম্ভে মন্তব্য কৰা কলিতাই কয় যে,উন্নয়নৰ স্বাৰ্থত বিজেপি প্ৰাৰ্থী গৰাকী নগাঁৱত জয়ী হ’ব৷তেওঁ কয় যে বিজপি প্ৰাৰ্থী জয়ী হ’ব বুলি ৰাজ্যখনৰ লোকসভা সমষ্টিৰ এতিয়ালৈকে দাবী কৰিব পৰা আসনৰ সংখ্যা হৈছে ১৩ খন৷তেওঁ এইবুলিও কয় যে,বৰ্তমান কংগ্ৰেছ দল পুৰণি দুটকীয়া নোটত পৰিণত হৈছে৷কংগ্ৰেছৰ মিছা কথা কোৱা বেলুনটো ফাটি গ’ল বুলি কটাক্ষ কৰি বিজেপিৰ ৰাজ্যিক সভাপতিয়ে মন্তব্য কৰে যে কংগ্ৰেছ দল বহুধাবিভক্ত৷তেওঁ কংগ্ৰেছক শাসন লাগে শোষণৰ স্বাৰ্থত বুলি উল্লেখ কৰি লগতে কয় যে,মানুহে বুজি উঠিছে উন্নয়ন কাক কয়৷ উন্নয়নৰ স্বাৰ্থতে পুণৰবাৰ বিজেপি ক্ষমতালৈ অহাৰ অংগীকাৰ কৰা বুলিও তেওঁ কয়৷উল্লেখযোগ্য যে,চানমাৰিৰ এই সভাতে আজি বহু সংখ্যকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে৷

Leave A Reply