Breaking

ডিগবৈ সমষ্টিত বিজেপি যুৱনেতা অৰুণজ্যোতি মৰাণে ঘৰে ঘৰে চলাইছে সাংগঠনিত তৎপৰতা

0 2,101

সমাগত বিধান সভা নিৰ্বাচনে ৰাজ্য ৰাজনীতিৰ পৰিৱেশ উখল-মাখল কৰি তুলিছে ৷ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতাৰ বিভিন্ন সাংগঠনিক কাম-কাজে বৰ্তমান ৰাজ্যখনৰ প্ৰতিটো চুক কোন চুই গৈছে ৷ ১২৩ নং ডিগবৈ বিধান সভা সমষ্টিত শাসনাধিস্ত বিজেপি, বিৰোধি কংগ্ৰেছ আৰু নতুন আঞ্চলিক শক্তি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতাই চলাইছে নিজৰ নিজৰ দলৰ সাংগঠনিক ব্যাপক তৎপৰতা ৷ এই ক্ষেত্ৰত বিজেপি দলৰ যুৱনেতা অৰুণজ্যোতি মৰাণে সমষ্টিটোৰ প্ৰতিটো প্ৰান্তৰত জনতাৰ ঘৰে ঘৰে গৈ দলৰ সাংগঠনিক ভেটি শক্তিশালি কৰাৰ প্ৰস্তুতি চলাইছে ৷

সমষ্টিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, যুৱ সংঘ, মহিলা সমিতি, ধৰ্মীয় অনুষ্ঠান, জনগোষ্ঠীয় সংগঠন, ব্যৱসায়ী প্ৰতিষ্ঠান, ক্ৰীড়া অনুষ্ঠানৰ খেল পথাৰ সমূহ কাষলৈ গৈ বিজেপি দলৰ সাংগঠনিক ভেটি শক্তিশালি কৰিবলৈ উঠিপৰি লাগিছে ৷ আগন্তুোক নিৰ্বাচনৰ দিন যিমাই চমু চাপি আহিছে ডিগবৈ সমষ্টিত সিমাইনেই বিজেপি দলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে ৷ কিয়নো ডিগবৈ সমষ্টিত এইবাৰ প্ৰাৰ্থীত্ব দৌৰত আছে বিধায়ক সুৰেণ ফুকন আৰু শক্তিশালি যুৱনেতা অৰুণজ্যোতি মৰাণ ৷ সেইয়ে সমষ্টিটোত বিধায়ক সুৰেণ ফুকনে যিমানেই চৰকাৰী আচনিৰ আধাৰশিলা আৰু উদ্ধোধনী কাৰ্যসূচী চলাই গৈছে সিমানেই প্ৰাৰ্থীত্ব প্ৰৱল দাবিদাৰ শীৰ্ষত থকা যুৱনেতা অৰুণজ্যোতি মৰাণে সমষ্টিটোত বসবাস কৰা বিভিন্ন ভাষা-ভাষি, জনগোষ্ঠীয় সম্পদায় পৰিয়ালৰ ঘৰত উপস্থিত হৈ জনতাৰ মনৰ কথা বুজ লৈছেগৈ ৷ ৰাজ্যৰ সংবাদ মাধ্যমৰ অনুসন্ধান মূলক বাতৰি আৰু দলীয় কেতবোৰ খৱৰ আৰু ৰণকৌশলে ডিগবৈত বিজেপি শীৰ্ষ নেতৃত্বই নতুন প্ৰাৰ্থী প্ৰেক্ষেপ কৰি সমষ্টিটো পুনৰ দখল কৰিবলৈ প্ৰদক্ষেপ গ্ৰহণ কৰা খৱৰ পোৱা গৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত অৰুণজ্যোতি মৰাণে চলাইছে ব্যাপক দলীয় সাংগঠনিক কাম-কাজ ৷ সমষ্টিৰ বিভিন্ন যুৱ শক্তি সমূহক সাক্ষাৎ কৰি বিজেপি চৰকাৰ দিনত হোৱা বিভিন্ন কামৰ খতিয়ান দাঙি ধৰাৰ লগতে মৰাণ জনগোষ্ঠীৰ বিভিন্ন স্থানত অৱস্থিত ধৰ্মীয় অনুষ্ঠান সমূহৰ ধৰ্মপ্ৰাণ ৰাইজক সাক্ষাৎ কৰি সেৱা লৈ আৰ্শিবাদ গ্ৰহণ কৰিছে ৷ ইয়াৰ উপৰিও সমষ্টিটোৰ চাহ বাগিচা, ভোজপুৰি, মাৰোৱাৰি আদি বিভিন্ন জনগোষ্ঠী, সম্পদায় প্ৰায়বোৰ পৰিয়ালক দেখা কৰাৰ লগতে নেপালী লোক সকলৰ নেতৃস্থানীয় সকলৰ পৰা আৰ্শিবাদ বিচাৰি সাক্ষাৎ কৰা দেখা গৈছে ৷ উল্লেখ যে বিগত দুটা দৰ্শক ধৰি মৰাণ জনগোষ্ঠীয় ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি ৰাইজৰ সেৱাৰ কৰি যোৱা যুৱনেতা অৰুণজ্যোতি মৰাণৰ ডিগবৈ সমষ্টিৰ লগতে উজনি অসমত আছে বিশেষ জনপ্ৰিয়তা ৷ যাৰ পৰিপ্ৰেক্ষিতত ডিগবৈ বিজেপি দলে অৰুজ্যোতিক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি তিনিচুকীয়া জিলাখনতে মৰাণ জনগোষ্ঠীয় লগতে সমভাৱাসম্পন্ন জনগোষ্ঠীয় ভোট সমূহ লাভ কৰিবলৈ দলৰ নেতৃত্বই বিশেষ ৰণকৌশল যোগুত কৰিছে বুলি জানিব পৰা গৈছে ৷ যাৰ ফলত অৰুণজ্যোতি মৰাণ ডিগবৈত প্ৰক্ষেপিত প্ৰাৰ্থী হলে বিধায়ক সুৰেণ ফুকন উপ্ৰেক্ষিত হৈ ৰব ৷ তেনে দলীয় ৰণকৌশলৰ বিশেষ সহাৰি লাভ কৰি হয়তুু যুৱনেতা অৰুণজ্যোতি মৰাণে ডিগবৈ অলিয়ে গলিয়ে ব্যাপক বেনাৰ পোষ্টাৰ, দেৱাল লিখন কৰি, জনতাৰ ঘৰে ঘৰে, অনুষ্ঠান প্ৰতিষ্ঠানৰ কাষলৈ গৈ দলীয় কাম কাজ আৰম্ভ কৰি দিছে  ৷ যাতে বিৰোধী দল সমূহক সহজে ৰোধিব পৰা যায় ৷ ইফালে টিকটৰ আশাত বন্দি সংঘ পৰিয়ালৰ ডিগবৈ জ্যেষ্ঠ নেতা প্ৰশান্ত শইকীয়াই চলাইছে প্ৰচাৰ অভিযান ৷ মুঠৰ ওপৰত দিছপুৰৰ ভিতৰুৱা খৱৰৰ মতে এইবাৰ ডিগবৈ সমষ্টিত বিজেপি দলীয় প্ৰাৰ্থী সলনি হোৱাটো প্ৰায় খাটাং হৈ পৰিছে ৷ সেইয়ে যথেষ্ঠ পৰিমানৰ অৰ্থ খৰচ কৰি ডিগবৈ সমষ্টিত জনগোষ্ঠীয় যুৱ নেতা, সদৌ মৰাণ ছাত্ৰ সন্থা প্ৰাক্তন জনপ্ৰিয় সভাপতি তথা ক্ৰীড়া সংগঠন অসম ফুটবল সন্থা, ভলীবল সন্থা, অলিম্পিক সন্থা, হেণ্ডবল সন্থা জ্যেষ্ঠ বিষয়বৰ্বীয়া অৰুণজ্যোতি মৰাণে দিন ৰাতি একাকাৰ কৰি দলীয় সাংগঠনিক কাম কৰা দেখা গৈছে ৷

Leave A Reply