Breaking

ওদালগুৰিত বিজেপিৰ কাৰ্যকৰ্তা সভা

0 2,024

২৯ছেপ্তেম্বৰ  বৃহস্পতি বাৰে ওদালগুৰি জিলাৰ অন্তৰ্গত ভেৰগাঁও মণ্ডলৰ বৰংগাজুলি সত্ৰ প্ৰাঙ্গণত বিজেপি দলৰ এখনি  “কাৰ্যকৰ্তা সভা” অনুষ্ঠিত হৈ যায় । উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈ লোকসভা সমষ্টিৰ যুৱ সাংসদ দিলীপ শইকীয়াৰ লগতে  ওদালগুৰি জিলা বিজেপি সভাপতি  সুনীল বসুমতাৰীও উপস্থিত থাকে । ওদালগুৰি জিলা সভাপতি সুনীল বসুমতাৰীয়ে সভাপতিত্ব কৰা  উক্ত বিজেপিৰ কাৰ্যকৰ্তা সভাত বিজেপি কাৰ্যকৰ্তা সকলক  দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত নিজ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিবলৈ সাংসদ দিলীপ শইকীয়াই আহ্বান জনায় ৷ ইয়াৰোপৰি, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমুখী আঁচনি সমূহ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰক পূৰ্ণ সহযোগিতা আগবঢ়াই প্ৰতিজন প্ৰকৃত হিতাধিকাৰীক উপকৃত কৰিবলৈ সাংসদ শইকীয়াই  বিশেষ ভাৱে অনুৰোধ জনায় ।আজিৰ অনুষ্ঠিত হোৱা এই সভাত ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰীয়েও তেওঁৰ ভাষণ প্ৰসংগত ওদালগুৰি জিলা বিজেপিৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ওদালগুৰি জিলা  বিজেপিৰ নবীন প্ৰবীণ সকলো বিজেপি দলীয় কাৰ্যকৰ্তা সকলক লগত লৈ ওদালগুৰি জিলা বিজেপিৰ সাংগঠনিক ভেটি সক্ৰিয় কৰাত অধিক গুৰুত্ব প্ৰদান কৰাৰ কথা ব্যক্ত কৰে । লগতে জিলা সভাপতি বসুমতাৰীয়ে অনাগত দিনত ওদালগুৰি জিলা বিজেপিৰ  সাংগঠনিক ভেটি অধিক শক্তিশালী হব বুলি পোষকতা কৰে  আৰু এই ক্ষেত্ৰত সকলো দলীয় কাৰ্যকৰ্তা সকলৰ যথেষ্ট সহায় সহযোগিতাৰ  কামনা কৰে ।সভাত উপস্থিত থাকি ওদালগুৰি জিলা প্ৰভাৰী  প্ৰাণ কুমাৰ দাসেও দলৰ সাংগঠনিক দিশত আলোকপাত কৰে ।  এই সভাত বিটিচি EM  দিগন্ত বৰুৱা, EM সঞ্জীৱ তাঁতী MCLA  অৰ্পনা মেধি  প্ৰমুখ্য কৰি দলীয় ওদালগুৰি জিলা বিজেপি অফিচ বিয়াৰাৰ সকল ,ভেৰগাঁও মণ্ডলৰ সভাপতি আৰু কেইবাগৰাকী মণ্ডল সভাপতি লগতে যুৱ মৰ্চা মহিলা মৰ্চা কে ধৰি বিভিন্ন মৰ্চাৰ বিষয় ববীয়া আৰু  কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷

Leave A Reply