Breaking

বিজেপিৰ নবনিৰ্বাচিত ৰাজ্যিক সভাপতিক সাক্ষাৎ সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশন আৰু প্ৰাক্তন বেংগলী টাইগাৰ ফোৰছৰ নেতৃবৰ্গৰ

0 1,522

 ৰাজ্যত নতুন চৰকাৰ গঠনৰ পিছত নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি ভবেশ কলিতাক প্ৰথম বাৰৰ বাবে সাক্ষাৎ কৰে সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশন আৰু প্ৰাক্তন বেংগলী টাইগাৰ ফোৰছৰ নেতৃবৰ্গই। ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি মণ্টু দে, কেন্দ্ৰীয় সাধাৰণ সম্পাদক ব্ৰজগোপাল সৰকাৰ, চিৰাং জিলাৰ সভাপতি শুভ মজুমদাৰ, প্ৰাক্তন বেংগলী টাইগাৰ ফোৰছৰ নেতৃবৰ্গ সৌমেন দত্ত,উত্তম দত্তকে আদি কৰি বিটিআৰৰ চাৰিখন জিলাৰ পৰা সংমিশ্ৰিত দল এটাই যোৱা শণিবাৰে সভাপতিক সাক্ষাৎ কৰাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হয়। নবনিৰ্বাচিত ৰাজ্যিক সভাপতি ভবেশ কলিতাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে এন.আৰ.চি, ডি ভোটাৰ, কা কেন্দ্ৰীক বিভিন্ন দীৰ্ঘদিনীয়া সমস্যা বোৰৰ সমাধানৰ বাবে আলোচনাত মিলিত হোৱাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ উদ্দেশ্যে বেংগলী মাধ্যমৰ বিদ্যালয় সমূহৰ বিদ্যায়তনিক পৰিবেশৰ উন্নীতকৰণ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ লগতে বিদ্যালয়-মহাবিদ্যালয় সমূহত বিষয় হিচাপে বেংগলী অন্তৰ্ভুক্তিকৰণ, জিলা ভিত্তিক বাৰ্ষিক গ্ৰন্থ মেলা আৰু কেৰিয়াৰ পৰামৰ্শ শিবিৰ অনুষ্ঠিত কৰা, বিটিআৰৰ চাৰিওখন জিলাতে স্বামী বিবেকানন্দৰ নামত চাৰিখন সাংস্কৃতিক প্ৰেক্ষাগৃহ স্থাপন আদি বিষয় কেন্দ্ৰীক এক পৰ্যাপ্ত স্মাৰক পত্ৰ সভাপতিলৈ আগবঢ়ায় আৰু উল্লেখনীয় ভাৱে সভাপতিয়ে পৰ্যায় ক্ৰমে সম্ভাৱ্য সকলো সমস্যা অনতিপলমে সমাধান কৰা হ’ব বুলি আশ্বাস দিয়াৰ কথা সংগঠন দুটাৰ নেতৃবৰ্গই জানিবলৈ দিয়ে।

Leave A Reply