Breaking

জামুগুৰিহাটত বিজেপিৰ চাহ মৰ্চাৰ কৰ্ম কৰ্তা সন্মিলন

0 2,027

চাহ জনগোষ্ঠীৰ নেতা ডানিয়েল তপ্নৰ হত্যাৰ গোচৰত অভিযুক্ত ৰিপুন বৰাই চাহ জনগোষ্ঠীৰ কথা কি চিন্তা কৰিব।’ চাহ জনগোষ্ঠীৰ নেতা হত্যা কৰি তিহাৰ জে’লৰ ভাত খোৱা ৰিপুণে চাহ বাগিচাৰ শ্ৰমিকৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই । এই গৰাকী ৰিপুণ বৰাকে কংগ্ৰেছে মূখ্যমন্ত্ৰীৰ মুকুট পিন্দ্ধাইছে। হত্যাৰ গোচৰত অভিযুক্ত ৰিপুণ বৰাৰ কাষত কেতিয়াও চাহ জনগোষ্ঠীৰ ৰাইজ সুৰক্ষিত নহয়। এটা সৰু ৰাজনৈতিক দলেও ৰিপুণ বৰাৰ দৰে ব্যক্তিক সভাপতিৰ দ্বায়িত্ব নিদিয়ে,কিন্তু কংগ্ৰেছে ৰিপুণ বৰাক সভাপতি পতাৰ পাছত চাহ জনগোষ্ঠীৰ ৰাইজে কিয় কংগ্ৰেছক গ্ৰহণ কৰিব? ‘এই মন্তব্য তেজপুৰ লোক সভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসৰ। আজি চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ পৰিদৰ্শন ভৱন প্ৰাংগণত অনুষ্ঠিত চতিয়া সমষ্টিৰ চাহ মৰ্চাৰ কৰ্মকৰ্তা সন্মিলন সভাত অংশ গ্ৰহণ কৰি তেওঁ আৰু কয়,২০১৬ চনৰ আগত অসমৰ চাহ জনগোষ্ঠী ৰাইজে একোৱেই লাভ কৰিব পৰা নাছিল। কংগ্ৰেছে চাহ জনগোষ্ঠীৰ ৰাইজৰ ইতিহাস নিঃশেষ কৰিবলৈ লৈছিল,কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল। বহু যুগৰ অন্তত নৰেন্দ্ৰ মুদীয়ে আমাক পোহৰ দিলে। ইতিহাস হেৰাই যোৱা মানুহৰ স্বীকৃতি দিলে। বাগানৰ উন্নয়নৰ বাবে এহাজাৰ কোটি টকা আবন্টন দিয়াৰ সিদ্ধান্ত লৈছে মুদী ডাঙৰীয়াই।’ৰাজ্যৰ আঠশ বাগানত মাংৰী ওৰাঙৰ নামত আঠশটা ৰংগমঞ্চৰ লগতে তিনিশ উচ্চ,উচ্চতৰ মাধ্যমিক আৰু কলেজ স্থাপনৰো প্ৰস্তুতি লোৱা বুলি মন্তব্য কৰে সাংসদ পল্লৱলোচনে। বিজেপিৰ চাহ মৰ্চাৰ সভাখনত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয়,২০১৫ লৈকে অসমত চাহ জনজাতিৰ ৰাইজ সুৰক্ষিত নাছিল। উগ্ৰপন্থীৰ আক্ৰমণৰ বলি হৈছিল চাহ জনজাতিৰ ৰাইজ। শান্তিৰ কাৰণে,সম্প্ৰীতিৰ কাৰণে অসমত বিজেপিৰ প্ৰয়োজন আছে। অসম বচাওঁ নহয়,কংগ্ৰেছ বচাওঁ অভিযানত নামি পৰিছে ৰিপুণ বৰাই। বিহুৰ আগতে কংগ্ৰেছ দলেটো দলটো নিপাত যোৱাটো নিশ্চিত বুলি মন্তব্য কৰে বিধায়ক পদ্ম হাজৰিকাই। কংগ্ৰেছৰ ভুৱা প্ৰচাৰত ভূল নাজাবলৈও চাহ জনজাতি ৰাইজক আহ্বান জনায় বিধায়ক পদ্ম হাজৰিকাই।

Leave A Reply