Breaking

লাহৰীঘাটত ব্লেক বেল্ট প্ৰাপ্ত হাছিনা বেগমৰ কুংফু স্পোর্টস একাডেমিত কুংফু প্ৰশিক্ষণ…

0 1,558

এসময়ত প্ৰিন্ট মিডিয়া আৰু ইলেকট্রনিক বাতৰিৰ বিশেষ শিৰোনামা দখল কৰা আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন তথা বহু মানপত্র আৰু মেডেল প্ৰাপ্ত স্বৰ্ণ কন্যা ৰূপে পৰিচিত মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ধূপগুৰিৰ হাছিনা বেগমে বৰ্তমান লাহৰীঘাট ব্লক চৌহদত লাহৰীঘাট কুংফু স্পোর্টস একাডেমি নামেৰে সম্প্রতি এমাহ ধৰি ২০ ৰো অধিক ছাত্র ছাত্রী সকলক কুংফু প্ৰশিক্ষণ দি আছে।

ব্লেক বেল্ট প্ৰাপ্ত চিফু হাছিনা বেগমে জনোৱা মতে নিম্নতম ৬ বছৰৰ পৰা ২১ বছৰ বয়সৰ লৰা ছোৱালী অথবা ছাত্র ছাত্রী সকলে এই কুংফু স্পোর্টস একাডেমিত ভৰ্তি হৈ প্ৰশিক্ষণ লোৱাৰ সুবিধা আছে। বিয়লি ৪ বজাত নিতৌ লাহৰীঘাট ব্লক চৌহদত কুংফু স্পোর্টস একাডেমিৰ ছাত্র ছাত্রী সকলক প্ৰশিক্ষণ দিয়া হয়। ইচ্ছুক ছাত্র ছাত্রী সকলে কুংফু স্পোর্টস একাডেমিত ভৰ্তি হবলৈ পোনপটীয়াকৈ বিয়লি লাহৰীঘাট ব্লক চৌহদত আহি যোগাযোগ কৰিব পাৰে। উল্লেখ্য যে লাহৰীঘাট অঞ্চলত ইয়াৰ আগেয়ে কোনো কুংফু প্ৰশিক্ষণ কেন্দ্র নাছিল প্ৰশিক্ষক হাছিনা বেগমে অশেষ প্ৰচেষ্টাত সেয়াও সম্পন্ন হল

এতিয়া মাঁথো লাগে ৰাইজ তথা অভিভাবকৰ সমৰ্থন।
লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ প্ৰতিবেদন

Leave A Reply