Breaking

দলগাঁৱত বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ বিস্ফোৰণ

0 2,064

দৰঙৰ  দলগাওঁ সমষ্টিৰ অন্তৰ্গত কৌপাটিৰ নেপালি গাওঁ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত সদৌ অসম বাঙালী  পৰিষদৰ দৰং জিলা সমিতিৰ এখনি  কাৰ্যনিৰ্বাহক  সভাত  মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ বিতৰ্কিত নেতা তথা হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ । সভাৰ অন্তত তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে , বাংলাদেশ ভাৰতবৰ্ষৰ পৰা জন্ম হৈছে । ধৰ্ম পৰিৱৰ্তন হৈ মুছলমান হোৱা সকলে পাহৰিব নালাগে নিজৰ  সভ্যতা । মূৰ্তিৰ চৰনত কোনে কোৰআন ৰাখিছে সেয়া স্পষ্ট হৈ গৈছে । কোনো হিন্দুৱে মূৰ্তিৰ চৰনত কোৰআন  ৰখা নাই । বাংলাদেশৰ ৬ শতাংশ হিন্দুৱে কেনেকৈ এই সাহস কৰিব ।  ভাৰতবৰ্ষৰ ৭০ শতাংশ হিন্দুয়ে মূৰ্তিৰ চৰনত কোৰআন ৰখাৰ সাহস কৰিব পৰা নাই । ভাৰতবৰ্ষত ৭০ শতাংশ হিন্দুৱে মুছলমানক অত্যাচাৰ – আক্ৰমন কৰা নাই । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , নগেন শইকীয়াক উভতি ধৰি শিলাদিত্যই কয় যে , এক ইঞ্জি মাটিও এৰি দিয়া  নহয় । অসম বহু ভাগ হ’ল আৰু ভাগ নকৰিব । পাৰিলে অসমক শক্তিশালী কৰক,  ভাগ ভাগ কৰি বিভাজন কৰিব  নালাগে । নহ’লে গোৱালপাৰা, ধুবুৰীক  দিব লাগিব মিঞালেণ্ড ।শিলাদিত্য অসমীয়া নে বঙালী ? জলজীৱন কি অসমীয়া নে  বঙালী ? অসমীয়াত লিখা জলজীৱনৰ নাম   কাটি বঙালীত কেনেকৈ লিখিব ? বুলিও সাংবাদিকক প্ৰশ্ন শিলাদিত্যৰ । লগতে কয় যে , মূৰ্তিৰ চৰনত কোৰআন ৰখা ব্যক্তিৰ বিৰুদ্ধে বাংলাদেশ চৰকাৰে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া চাবলগীয়া । উল্লেখযোগ্য যে , বাংলাদেশৰ কুমিল্লাৰ ঘটনাক ঘাপ দিয়াৰ উদ্দেশ্যে মোগলৰ বংশৰ সকলে পৰিকল্পিত ভাৱে বৰাক কাণ্ড সংঘটিত কৰিছে বুলি বিস্ফোৰক মন্তব্য কৰে বিতৰ্কিত বিধায়ক গৰাকীয়ে ।

Leave A Reply