Breaking

গুৱাহাটীৰ নুনমাটি শোধনাগাৰ খেলপথাৰত দৃষ্টিহীন ক্ৰিকেট দলৰ ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন

0 57

অসম আৰু ত্ৰিপুৰাৰ দৃষ্টিহীন ক্ৰিকেট দলৰ মাজত প্ৰীতি ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন। গুৱাহাটীৰ নুনমাটি শোধনাগাৰ খেলপথাৰত যোৱা ১৪ আৰু ১৫ মে’ত তিনিখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয় ।

প্ৰতিকূল বতৰৰ মাজতে প্ৰথমদিনা অনুষ্ঠিত ২০ অভাৰৰ এখন খেলত অসমে ১৮ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ত্ৰিপুৰাক জয়ৰ বাবে ১০০ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত ত্ৰিপুৰাই ৮ অভাৰত ৭৮ ৰাণ কৰে। কিন্তু বেয়া বতৰৰ বাবে খেল স্থগিত ৰাখিবলগীয়া হয় ।

ত্ৰিপুৰাই ৮ অভাৰতে ৭৮ ৰাণ কৰাত দলটোক বিজয়ী ঘোষণা কৰা হয়। ত্ৰিপুৰাৰ সুকান্ত দেৱক মেন অব দ্য মেটচ ঘোষণা কৰা হয়। আনহাতে ১৫ মে’ত দুখন খেল অনুষ্ঠিত হয়। প্ৰথমখন খেলত নিৰ্ধাৰিত ৭ অভাৰত অসমে ত্ৰিপুৰাক ৪৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। খেলখনত ত্ৰিপুৰা বিজয়ী হয়। ত্ৰিপুৰাৰ সুশান্ত নামা মেন অব দ্য মেটচ হয়।

সেইদিনাৰ দ্বিতীয়খন খেলত ত্ৰিপুৰাই ৬ অভাৰত অসম দলক জয়ৰ বাবে ৪৩ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। খেলখনত অসমে ৬ উইকেটত বিজয় সাব্যস্ত কৰে। অসমৰ মঞ্জিত চৌধুৰী খেলখনত মেন অব দ্যা মেটচ হয়। লক্ষ্মীকান্ত মহন্ত আৰু তেওঁৰ পৰিয়ালে বিজয়ী দল আৰু বঁটা প্ৰাপকসকলক বঁটাসমূহ প্ৰদান কৰে।

Leave A Reply