Breaking

ৰঙিয়াস্থিত এছ এছ বিৰ মুখ্যকাৰ্যালয়ত ৰক্ত দান শিবিৰ

0 1,588

ৰক্তদান মহৎ দান । এই লক্ষ্য আগত ৰাখি ৰঙিয়াৰ হাহাৰাস্থিত এছ এছ বি কেম্পৰ ছেক্টৰ হেডকোৱাটাৰত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় । আগন্তুক ৭৫ তম্ স্বাধীনতা দিৱস উপলক্ষে এছ এছ বিয়ে গ্ৰহণ কৰা কেইবাটাও কাৰ্যসূচীৰ ভিতৰত অন্যতম ৰক্তদান শিবিৰত এছ এছ বিৰ অৰ্ধ শতাধিক বিষয়া, জোৱানে ৰক্তদান কৰে । এছ এছ বিৰ ডিজিপি জগদীপ পাল সিঙে উদ্বোধন কৰা ৰক্তদান শিবিৰটোত এই সম্পৰ্কে ব‍্যাখ‍্যা দাঙি ধৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ব্লাড বেঙ্কৰ ভাৰপ্ৰাপ্ত অধীক্ষক দীপাংকৰ বৰুৱাই । চিকিৎসক দীপাংকৰ বৰুৱাই জোৱানসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে মত বিনিময় কৰে । শিবিৰটো উদ্বোধন কৰি ডিজিপি জগদীপ পাল সিঙে কয় যে – ৰক্তদানে মানুহৰ জীৱন ৰক্ষা কৰাত সহায় কৰে । বিশেষকৈ ঠেলাছেমিয়া ৰোগী আৰু দুৰ্ঘটনাৰ সময়ত প্ৰায়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বিভিন্ন ব্যক্তিৰ বাবে পৰিয়ালৰ লোকে ৰক্ত বিচাৰি হাহাকাৰ কৰিব লগা হয় । এনে ক্ষেত্ৰত ৰক্তদানৰ দৰে মহান সেৱাই দুৰ্গতজনৰ জীৱন ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলিও দোহাৰে ডিজিপি সিঙে। ইয়াৰোপৰি এই শিবিৰত অৰ্ধ শতাধিক এছ এছ বিৰ বিষয়া, জোৱানে আগবাঢ়ি আহি ৰক্তদান কৰাটো এক শুভ লক্ষণ বুলি কয় । লগতে এই শিবিৰত উপস্থিত লোকসকলে সু-স্বাস্থ্যৰ শপত গ্ৰহণ কৰে। এই শিবিৰ অনুস্থিত কৰাত ৰঙিয়া মডেল হস্পিতালৰ কৰ্মীয়ে সহযোগীতা আগবঢ়াই । এছ এছ বিৰ এনে মহৎ উদ্দেশ্যেৰে আয়োজন কৰা কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰে ৰঙিয়াৰ ৰাইজে ।

Leave A Reply