Breaking

মাজুলীত এন এম অ’, এবিভিপি, সেৱা ভাৰতীৰ ৰক্তদান শিৱিৰ ।

0 162

দৈনন্দিন বাৰ্তা প্ৰতিবেদন  :

নেচনেল মেডিক’জ অৰ্গেনাইজেচন চমুকৈ এন এম অ’ৰ উদ্যোগত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, মাজুলী জিলা আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত আজি ৩১ মে’ তাৰিখে বিশ্ব ধপাত নিষেধ দিৱসৰ সৈতে সঙ্গতি ৰাখি গড়মূৰৰ পীতাম্বৰ দেৱগোস্বামী অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত এক ৰক্তধাৰা নামেৰে এক ৰক্তদান শিৱিৰৰ আয়োজন কৰে । উল্লেখযোগ্য যে কৰ’না মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত ৰাজ্যৰ ব্লাড বেংক সমুহত পৰ্যাপ্ত ৰক্তৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এন এম অ’ৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে আজিৰ দিনটোত ৰক্তদান শিৱিৰৰ আয়োজন কৰিছে । পুৱা দহ বজাত বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সাহিত্য প্ৰকাশন প্ৰমুখ বিশ্বজিৎ খাউণ্ডে আঁতধৰা শিৱিৰটিৰ উদ্ধোধন কৰে মাজুলী জিলাৰ উপ-আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মাই । উপ-আৰক্ষী অধীক্ষক দেৱশৰ্মাই উদ্ধোধন কৰি কয় যে, নেচনেল মেডিকজ অৰ্গেনাইজেচনে দেশৰ এই সংকটৰ সময়ত ৰক্তধাৰাৰ জড়িয়তে মহৎ পদক্ষেপ লৈছে । এইক্ষেত্ৰত বিদ্যাৰ্থী পৰিষদ আৰু সেৱা ভাৰতীকো দেৱশৰ্মাই শলাগ লয় । মাজুলীৰ প্ৰায় অৰ্ধশতাধিক ৰক্তদাতা উপস্থিত থাকে যদিও চিকিৎসালয় কতৃপক্ষই সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান কেৱল ২০ ইউনিটহে গ্ৰহন কৰে । সামৰণি অনুষ্ঠানত ব্লাডবেংকৰ পৰ্য্যবেক্ষক চিকিৎসক ডাঃ মানিক মিলিয়ে ভাষন প্ৰসংগত কয় যে মাজুলীৰ একমাত্ৰ ব্লাডবেংকটি কিছুদিন আগেয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়কে উদ্ধোধন কৰিছিল । নৱ-নিৰ্মিত ব্লাডবেংকটিত আজিৰ এই শিৱিৰটোৱেই প্ৰথম ৰক্তদান শিৱিৰ । সেয়ে আজি এক ঐতিহাসিক দিন বুলিও তেখেতে উল্লেখ কৰে ।ডাঃ মিলিয়ে এবিভিপি-সেৱা ভাৰতীক প্ৰয়োজনত আৰু ৰক্তদান শিৱিৰৰ আয়োজন কৰি সৰ্বসাধাৰণ ৰাইজক উপকৃত কৰিবলৈ আহ্বান জনাই । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলা প্ৰচাৰক বুবুল চন্দ্ৰ ডেকা উপস্থিত থাকি এন এম অ’ , এবিভিপি, সেৱা ভাৰতীৰ শলাগ লৈ কয় যে নৰসেৱাই নাৰায়ণ সেৱা বুলি উল্লেখ কৰে । বিশিষ্ট সাংবাদিক যদু কলিতাও উপস্থিত হৈ ৰক্তদাতাসকলক সংগ দিয়ে । বিদ্যাৰ্থী পৰিষদৰ ৰূপজ্যোতি সোণোৱাল, মাধূৰ্য্য পাতিৰ, মেটম দলে, ভাইতী নৰহ, মুনু নেৱাৰ, লুহিত বৰুৱা, গড়মূৰ শংকৰদেৱশিশু নিকেতনৰ প্ৰধান আচাৰ্য্য বাবুল কলিতা, আৰ এছ এছৰ মাজুলী জিলাৰ কাৰ্য্যবাহ ত্ৰিণয়ন দত্ত, ব্যৱস্থা প্ৰমুখ দিনেশ দাস, জিলা যুৱমৰ্চাৰ সভাপতি ৰঞ্জন মহন্ত আদি উপস্থিত থাকে । আয়োজক তথা সেৱা ভাৰতীৰ কৰ্মী বাবুল নেওগ আৰু বিদ্যাৰ্থী পৰিষদৰ বিশ্বজিৎ খাউণ্ডে সকলোকে কৃতজ্ঞতা জনাই ।

Leave A Reply