Breaking

ৰক্তদাতা দিৱস উপলক্ষে পত্নী সহ নলবাৰী জিলা উপায়ুক্তৰ ৰক্তদান ।

0 462

নলবাৰী :

যিজন চিকিৎসকে ব্লাড গ্ৰুপ আৱিস্কাৰ কৰিছিল আজি সেই আৱিষ্কাৰক কাৰ্লো লেন্স স্পেইনাৰৰ জন্মদিৱস । ৰক্তদাতা সকলক উৎসাহিত কৰিবলৈ তেওঁৰ জন্ম দিৱসটি ৰক্তদাতা দিৱস হিচাপে প্ৰতিবছৰে পালন কৰা হয় । কোৱা হয় ৰক্তদান মানে জীৱন দান । আজি ৰাতিপুৱা ৰক্তদাতা দিৱস উপলক্ষ্যে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত কাৰ্লো লেন্স স্পেইনাৰৰ প্ৰতিচ্ছৱিত শ্ৰদ্ধাঞ্জলি জনোৱা হয় । এই অনুষ্ঠানত উপস্থিত থাকি নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী আৰু তেওঁৰ পত্নী দিপ্তী দেৱ চৌধুৰীয়ে ৰক্তদান কৰে । অনুষ্ঠানৰ আৰম্ভণিতে চিকিৎসালয়খনৰ চিকিৎসক আৰু নাৰ্ছসকলে ভাৰত ৰত্ন  ড: ভূপেন হাজৰিকাৰ কালজয়ী গীত”মানুহে মানুহৰ বাবে ” গানটো গায় । অনুষ্ঠানত আঁত ধৰে ডা: কামেশ্বৰ লহকৰে । আজি অনুষ্ঠিত এই ৰক্তদাতা দিৱসৰ অনুষ্ঠানত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: উমেশ ফাংচু,ডা: কৈলাশ ডেকাকে ধৰি প্ৰমুখ্যে বহু কেইজন চিকিৎসক সহ চিকিৎসা কৰ্মী সকল উপস্থিত থাকে ।

যদি আপুনি আমাৰ ৰিপোৰ্ট পঢ়ি ভাল পাইছে, তেনেহ’লে  ইয়াত ক্লিক কৰি আপুনি আমাৰ ফেচবুকত ‘লাইক‘ কৰিব পাৰে।

Leave A Reply