Breaking

ক’ৰোনা সংক্ৰমণ ৰোধৰ প্ৰচেষ্টা ৰক্তদাতা (এইচবিএছ)ৰ : জামুগুৰিহাটত ছেনিটাৰাইজ

0 63

জামুগুৰিহাট

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে জামুগুৰিহাটক বীজানুমুক্ত কৰি তুলি ৰাইজক কিছু সকাহ দিবলৈ ছেনিটাৰাইজ কৰে ৰক্তদাতা (এইচবিএছ) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে৷ সোমবাৰে বিয়লি স্বেচ্ছাসেৱী সংগঠনটোৰ কেবাগৰাকীও বিষয়ববীয়াই নিজে পিঠিত ছেনিটাৰাইজ কৰা মেছিন কঢ়িয়াই জামুগুৰিহাটৰ সমগ্ৰ ব্যৱসায়িক কেন্দ্ৰস্থলটি ছেনিটাৰাইজৰ কৰে৷ জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্থলৰ প্ৰতিখন সৰু-বৰ দোকানৰ সন্মুখভাগৰ লগতে দুৱাৰ-খিড়িকী, ভাৰতীয় ষ্টেট বেংক, অসম গ্ৰামীণ বিকাশ বেংক,। ইউকো বেংক আৰু ইউবিআই বেংকসমূহৰৰ শাখা কাৰ্যালয়সমুহৰ ভিতৰ-বাহিৰ, প্ৰতিটো এটিএম, নদুৱাৰ খণ্ড উন্নয়ণন বিষয়াৰ কাৰ্যালয়, জামুগুৰি পৰিপুৰক স্বাস্থ্য কেন্দ্ৰ, ব্যৱসায়িক প্ৰতিস্থানৰ প্ৰতিখন ফাৰ্মাচী, প্ৰতিটো মটৰ গেৰেজকে ধৰি পুংখানুপুংখকৈ সুন্দৰভাৱে ছেনিটাৰাইজ কৰে স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়া আৰু সদস্যসকলে৷ ইয়াৰ পূৰ্ৱেও স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়াসকলে জামুগুৰিহাটৰ লগতে শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তত জনসাধাৰণ তথা জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকসকলক  মাস্ক-ছেনিটাইজাৰ বিতৰণ কৰাৰ লগতে জনসাধাৰণৰ মাজত সজাগ আৰু সচেতনতা বৃদ্ধি কৰাৰ বাবেই, চৰকাৰী নীতি নিয়মসমুহ সকলোৱে মানি চলাৰ আহবান জনাই ব্যৱসায়িক কেন্দ্ৰস্থলত ছবি সম্বলিত পোষ্টাৰিঙৰ ব্যৱস্থাও কৰিছিল৷ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেইগৰাকীমান অনুগামীৰ দ্বাৰা গঠিত সমগ্ৰ ৰাজ্যজুৰি সামাজিক কামকাজৰ লগত জড়িত স্বেচ্ছাসেৱী সংগঠন ৰক্তদাতা (এইবিএছ)য়ে দেশৰ এনে জটিল পৰিস্থিতিত ৰাইজক সজাগ-সচেতন আৰু ক’ৰোনাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে অহৰহ লৈ থকা এনেবোৰ পদক্ষেপৰ শলাগ লৈছে সচেতন মহলে৷ স্বেচ্ছাসেৱী সংগঠনটোৱে লোৱা প্ৰতিটো কাৰ্যসূচীতে ৰক্তদাতা (এইচবিএছ)ৰ সাধাৰণ সম্পাদক পৱন কুমাৰ নাথ উপস্থিত থাকি নিজেও হাতে কামে সকলো কাম কৰা পৰিলক্ষিত হৈছে৷

Leave A Reply