Breaking

ৰক্তদাতা (এইচ বি এছ)ৰ উদ্যোগত জামুগুৰিহাটত দেৱাল পোষ্টাৰিং : ৰাইজক সজাগ সচেতন কৰাৰ প্ৰয়াস

0 62

জামুগুৰিহাট

স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেইগৰাকীমান অনুগামীৰ প্ৰচেষ্টাত গঠণ হোৱা ৰক্তদাতা (এইচ বি এছ) নামৰ স্বেচ্ছাসেৱী সংগঠণৰ বিষয়ববীয়াসকলে মহামাৰীসদৃশ ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবৰ বাবে ল’বলগীয়া সাৱধানতা সন্দৰ্ভত বিগত সময়ত শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তত ৰাইজক সজাগ সচেতন হ’বৰ বাবে কেবাটাও কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল৷ ইয়াৰ ভিতৰত জিলাখনৰ ভিন্ন প্ৰান্তত চিকিৎসক, চিকিৎসা কৰ্মী, আৰক্ষী, সাংবাদিক তথা জনসাধাৰণকো বিনামূলীয়াকৈ মাস্ক, ছেনিটাইজৰ যোগান ধৰাৰ লগতে বেংক কৰ্তৃপক্ষ, বেংকৰ সন্মুখত ধন উলিয়াবলৈ শাৰি পাতি থকা লোকসকলকো এই সামগ্ৰীবোৰ যোগান ধৰি সচেতন হৈ থাকিবলৈ আহবান জনাইছিল৷ দেওবাৰে স্বেচ্ছাসেৱী সংগঠনটোৰ অৰ্থাৎ ৰক্তদাতা (এইচ বি এছ)ৰ প্ৰধান সম্পাদক পৱন কুমাৰ নাথে তেজপুৰৰপৰা আহি জামুগুৰিহাটত ৰাইজক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যৰে পকী দেৱাল, দোকানৰ সন্মুখকে আদি কৰি জামুগুৰি ব্যৱসায়ীক কেন্দ্ৰস্থলৰ কেবা ঠাইতো সজাগ সচেতনতাই ক’ৰোনাৰ পৰা ৰক্ষা পোৱাৰ উপায় সম্বলিত পত্ৰিকা, ক’ৰোনা সংক্ৰমণ হ’লে কি ভয়াবহ বিপদ হ’ব পাৰে, জৰুৰীকালীন সেৱাৰ লগত জড়িত লোকসকলক সন্মান আৰু সহায় কৰক, চৰকাৰী নীতি নিৰ্দেশনাসমুহ যেনে মাস্ক ব্যৱহাৰ, সামাজিক দূৰত্ব মানি চলক আদি লিপিবদ্ধ কৰা ছবি সম্বলিত একো একোখন পৃথক পৃথক পত্ৰিকা পোষ্টাৰিং কৰি সজাগতা সৃষ্টিৰ প্ৰচেষ্টা হাতত লৈছে৷ জিলাখনৰ ভিন্ন প্ৰান্তত ৰাইজক সজাগ সচেতন কৰিবৰ বাবে পোন্ধৰ হাজাৰখন এনে পত্ৰিকা পোষ্টাৰিং কৰি ক’ৰোনা সংক্ৰমণত সজাগতা সৃষ্টিৰ চেষ্টা চলাইছে ৰক্তদাতা (এইচ বি এছ) নামৰ এই স্বেচ্ছাসেৱী সংগঠনটিয়ে৷

Leave A Reply