Breaking

কংগনাৰ মণিকর্ণিকা ফিল্মজত বিএমচিৰ বুলডজাৰ : স্থগিতাদেশ বম্বে উচ্চ ন্যায়ালয়ৰ

0 1,313

অনলাইন বাৰ্তা : অভিনেত্ৰী কংগনা ৰানাউটৰ কাৰ্যালয় ভঙাৰ ওপৰত স্থগিতাদেশ দিলে বম্বে উচ্চ ন্যায়ালয়ে ৷ অৰ্থাৎ বুধবাৰে দুপৰীয়াৰ পৰা পালি হিলৰ কংগনাৰ মণিকর্ণিকা ফিল্মজৰ ঘৰ ভঙাৰ কাম আৰম্ভ কৰিছিল বৃহতম মুম্বাই পৌৰ নিগমে ৷ সেই কামৰ বিৰুদ্ধে মুম্বাই পৌৰ নিগমৰ সিদ্ধান্তৰ বিৰুদ্ধে আজি আদালতত আবেদন জমা দিয়ে অভিনেত্ৰীগৰাকীয়ে ৷ ইয়াৰ লগতে বৃহত্তৰ মুম্বাই পৌৰ নিগম কৰ্তৃপক্ষক তাৰ প্ৰত্যুত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ উল্লেখ্য যে মহাৰাষ্ট্ৰ চৰকাৰৰ সৈতে হোৱা দ্বন্দ্ব ৰাখি আজি মুম্বাইলৈ গৈছিল কংগনা ৷ তাৰ মাজতে দুপৰীয়া তেওঁৰ কাৰ্যালয় ভাঙিবলৈ আৰম্ভ কৰে বৃহত্তৰ মুম্বাই পৌৰ নিগমে (বিএমচি) ৷ তাকে লৈ মুম্বাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় অভিনেত্ৰীগৰাকী ৷ ইয়াৰ পাচতে স্থগিতাদেশ দিয়ে আদালতে ৷ উল্লেখ্য যে বেআইনীভাৱে নিৰ্মাণৰ অভিযোগ তুলি কংগনাৰ মণিকর্ণিকা ফিল্মজৰ বাহিৰত জাননী ওলমাই দিছিল বিএমচিয়ে ৷ ২৪ ঘণ্টাৰ ভিতৰত সেই জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছিল ৷ বুধবাৰে পুৱা পৰ্যন্ত জাননীৰ উত্তৰ নোপোৱাত বুলডজাৰ লগাই তেওঁৰ কাৰ্যালয় ভাঙিবলৈ আৰম্ভ কৰে বিএমচিয়ে ৷ এই কাৰ্যালৰ বাহিৰত মোতায়েন কৰা হৈছিল আৰক্ষী বাহিনী ৷ হিমাচল প্ৰদেশৰ ঘৰৰ পৰা মুম্বাই ৰাওনা হোৱাৰ আগতে আজি তাকে লৈ টুইটাৰত সৰৱ হয় কংগনা ৷ মুম্বাই আৰক্ষীক মোগল সাম্ৰাজ্যৰ প্রতিষ্ঠাতা বাবৰৰ সৈতে তেওঁ তুলনা কৰে ৷ কংগনাই লিখিছিল, “মণিকর্ণিকা ফিল্মজৰ অধীনত প্ৰথমে অযোধ্যা নামৰ এখন ছবি ঘোষণা হয় ৷ মোৰ বাবে ই ইটা-শিলৰ কোনো ঘৰ নহয়, বৰং ৰাম মন্দিৰৰ সমান ৷ আজি তালৈ বাবৰ আহিছে ৷ পুনৰ ইতিহাসৰ পুনৰাবৃত্তি হৈছে ৷ পুনৰ ভঙা হ’ব ৰাম মন্দিৰ ৷ কিন্তু এটা কথা মনত ৰাখক বাৱৰ, মন্দিৰ পুনৰ গঢ়ি উঠিব ৷ জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম ৷” মণিকর্ণিকা ফিল্মজৰ বাহিৰত মোতায়েন কৰা মুম্বইক পাকিস্তানৰ সৈতেও তুলনা কৰে কংগনাই ৷ আনহাতে বিএমচিৰ সূত্ৰই কোৱা মতে, কেৱল কংগনাৰ কাৰ্যালয় ধূলিসাৎ কৰাই নহয়, অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ তৰিব ৷ কংগনাই কয়, কোনো বেআইনী নিৰ্মাণ কৰা নাই ৷ আনহাতে ক’ভিডৰ বাবে ৩০ ছেপ্টেম্বৰ পৰ্যন্ত নিৰ্মাণ ভঙাৰ কাম নিষিদ্ধ কৰিছে চৰকাৰে ৷ বলীউডক উদ্দেশ্য কৰি তেওঁ লিখিছে ফেচিবাদৰ ৰূপ এয়াই ৷

Leave A Reply