Breaking

তিনি দিন ধৰি নিৰুদ্দেশ হৈ থকা আৰক্ষী কনিষ্টবল সন্তোষ দাসৰ মৃতদেহ উদ্ধাৰ

0 161

গোৱালপাৰা চহৰৰ কাছাৰীঘাটৰ ব্ৰক্ষ্মপুত্ৰ নদীত উদ্ধাৰ কনিষ্টবল সন্তোষ কুমাৰ দাসৰ মৃতদেহ। ডুবাপাৰা আৰক্ষী চকীত কৰ্মৰত সন্তোষে লৈছিল ৬ দিনৰ ছুটী , ছুটিলৈ ঘৰতে আছিল দাসে।

গোৱালপাৰা চহৰৰ পূৱ পাহাৰতলীত ঘৰ কনিষ্টবল সন্তোষৰ। যোৱা ১৯ জুনৰ সন্ধীয়া বৰষুণৰ সময়ত ঘৰৰ পৰা ওলাই গৈছিল সন্তোষে। কিন্তু তাৰ পিচত আৰু ঘৰলৈ উভতি নগল সন্তোষ।

ঘটনাৰ দিনাখন হাতত লৈ অহা নাছিল মোবাইল ফোনটো। সন্তোষৰ নিৰুদ্দেশৰ পিচতে পৰিয়ালে গোৱালপাৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল ।

তিনিদিনৰ অন্তত আজি ব্ৰক্ষ্মপুত্ৰ নৈত উদ্ধাৰ হয় সন্তোষৰ মৃতদেহ । আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাৱে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত লৈ যায়।

Leave A Reply