Breaking

ধুবুৰী ফকিৰগঞ্জৰ বালাটাৰীত অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

0 1,057

ফকিৰগঞ্জ থানাৰ অন্তৰ্গত ভাসানীপাৰা নতুন বালাটাৰী গাৱৰ সমীপত ব্ৰহ্মপুত্ৰৰ পাৰৰ খেতি পথাৰত উদ্ধাৰ হয় এটি অচিনাক্ত লোকৰ মৃতদেহ।প্ৰায় ৪০/৪৫ বছৰীয়া অচিনাক্ত ব্যক্তি জনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ।ব্ৰহ্মপুত্ৰৰ পাৰত খেতি পথাৰত উদ্ধাৰ হোৱা লোক জনক কোনোৱা দুষ্কৃতিকাৰীয়ে হত্যা কৰি পেলাই থৈ যায় ।স্হানীয় একাংশ লোকে অচিনাক্ত ব্যক্তিৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাছত ফকিৰগঞ্জ আৰক্ষীক খবৰ দিয়ে ।

আৰক্ষীয়ে ঘটনাস্হলীত উপস্হিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰে ।এতিয়ালৈকে মৃতদেহটো চিনাক্ত কৰিবপৰা হোৱা নাই ।এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ধুবুৰীৰ পৰা দেৱান জাহাঙ্গীৰ আলমৰ প্ৰতিবেদন

Leave A Reply