গৌৰীপুৰৰ গধাদৰ নৈত যুৱকৰ মূত্যুদেহ উদ্ধাৰ

গৌৰীপুৰ আৰক্ষী থানাৰ পুৱ টিয়ামাৰীৰ গদাধৰ নৈত এগৰাকী যুৱকৰমূত্যুদেহ উদ্ধাৰ হৈছে৷ মৃত যুৱকজন হৈছে গৌৰীপুৰৰ ১১ নং ওৱাৰ্ডৰ পিন্টু তেৱাৰী বুলি জানিৱ পৰা গৈছে ৷ যুৱক পিন্টু তেৱাৰী যোৱা কালি নিজ বাসগৃহৰ পৰা ৰাতিৰ ভাগত হঠাত নিৰুদ্দেশ হৈছিল৷ তাৰ পিছত পৰিয়ালৰ লোকে বিভিন্ন স্থানত খৱৰ কৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল৷আজি দুপৰীয়াৰ ভাগত এগৰাকী মাছমৰীয়াই মাছ মাৰিবলৈ গৈ গদাধৰ নৈত দেখা পায় এগৰাকী লোকৰ মূত্যুদেহ ওপঙি আছে৷তাৰ পিছত মাছমৰীয়া জনে নৈখনৰ পৰা আহি পূৱ টিয়ামাৰী গাঁৱৰ লোকক সেই বিষয় অৱগত কৰায়৷


পিছত পিন্টু তেৱাৰীৰ পৰিয়ালৰ লোকে খৱৰ লাভ কৰি ঘটনাস্হলীত উপস্থিত হৈ মূত্যুদেহটো পিন্টু তেৱাৰীৰ বুলি চিনাক্ত কৰে । ইপিনে গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে খৱৰ পাই ঘটনাস্থলীত উপস্থিত হৈ পিন্টু তেৱাৰীৰ মৃত্যুদেহ মৰোণাত্ত পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰে ৷পিন্টু তেৱাৰীৰ পৰিয়ালে সাংবাদিকৰ আগত কয় পিন্টু তেৱাৰীক কোনোবা দুষ্কৃতিৰীয়ে মাৰি গদাধৰ নৈ খনত পেলাই দিয়ে বুলি অভিযোগ তোলে ৷ বৰ্তমান যুৱকজনৰ পৰিয়ালত উঠিছে কান্দোনৰ ৰোল ৷


গৌৰীপুৰৰ পৰা ছামচুল হক প্ৰতিবেদন

Related Articles