Breaking

ঐতিহাসিক ৰাজমাও পুখুৰীত মৃতদেহ উদ্ধাৰ : নিশা মাছ মাৰিবলৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ

0 59

নাজিৰা

নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত মঠিয়াছিগা ৰাজমাও পুখুৰীত বুধবাৰে পুৱাভাগত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে  আজি কিছুদিনৰ পৰা ৰাজমাও পুখুৰীকে ধৰি অঞ্চলটোৰ ঐতিহাসিক পুখুৰী, বিল-জলাশয়ত এটা দলে ফাঁচিজাল পাতি মাছ, কাছ ধৰি গোপনে ব্যৱসায় কৰি আহিছে। বুধবাৰে ৰাজমাও পুখুৰীত উদ্ধাৰ হোৱা মৃতদেহটো পুখুৰীটোৰ পাৰৰে নিবাসী প্ৰৱীণ মোহন (৪০) ওৰফে লাংফু নামৰ ব্যক্তিজনেও নিশা জাল পাতিবলৈ যাওঁতেই পুখুৰীৰ মাজভাগত কৰুণভাৱে মৃত্যুক আঁকোৱালি লয় বুলি ৰাইজে ধাৰণা কৰিছে। যিহেতু মৃতদেহৰ কাষত পুখুৰীটোত এখন বৃহৎ জাল উদ্ধাৰ হয়৷ পুৱা স্থানীয় ৰাইজে পুখুৰীৰ প্ৰায় মাজত মৃতদেহটো দেখা পাই নাজিৰাৰ আৰক্ষীলৈ খবৰ দিয়ে আৰু আৰক্ষীয়ে মৃতদেহটো পুখুৰীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাৰ সন্দৰ্ভত নাজিৰাৰ আৰক্ষীয়ে ১০/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আনহাতে ৰাজমাও পুখুৰীকে ধৰি অঞ্চটোৰ আন আন পুখুৰী, বিল-জনাশয় আদিত নিশা নিশা গোপনে বহু লোকে জাল পাতি মাছ, কাছ ধৰি ব্যৱসায় চলাই অহা কাৰ্যক বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে সম্প্ৰতি মাছ ধৰা কাৰ্যত নিষেধাজ্ঞা বাহাল থকাত এনেদৰে নিশা মাছ ধৰা কাৰ্য বন্ধ কৰাৰ বাবে মহকুমা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে৷

Leave A Reply