Breaking

টিৰাপ নৈত মৃতদেহ উদ্ধাৰ

0 2,020

তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ নৈত আজি পুৱা উদ্ধাৰ হয় এজন ৪৫ বছৰ উৰ্ধৰ ব্যক্তিৰ মৃতদেহ ৷মৃত ব্যক্তিজন লিডু কাম্বা গাঁও নিবাসী পৱন গড় বুলি চিনাক্ত হৈছে ৷ যোৱা কালিৰে পৰা পৰিয়ালৰ লোকে ব্যক্তিজন নিৰুদ্দেশ হৈ আছিল বুলি  জানিবলৈ দিয়ে ৷ পৰিয়ালৰ লোকে ব্যক্তিজনক বিচাৰ খোচাৰ কৰিছিল যদিও কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ আজি পুৱাৰ ভাগত টিৰাপ নৈত ব্যক্তিজনৰ মৃতদেহ উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হয়। মৃতদেহটো উদ্ধাৰ হোৱা ঘটনাই সমগ্র অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কি আৰু কেনে পৰিস্থিতিত পৰি ব্যক্তিজনে এনেদৰে মৃত্যুক আকোৱালি লব লগা হল সেয়া বৰ্তমানেওঁ পৰা হোৱা নাই ৷ বৰ্তমান লিডু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

Leave A Reply