Breaking

নাজিৰা ৰেল’ৱে ষ্টেচন সমীপত মৃতদেহ উদ্ধাৰ 

0 62

নাজিৰা বৰতলাস্থিত ৰেল’ৱে ষ্টেচনৰ( আৰ এল ৱাই কি : মই : ৪১৭ )  সমীপত আজি‌ পুৱা প্ৰায় ৬ – ৩০ বজাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

পুৱাভাগতে ৰেল’ৱে কৰ্মচাৰীয়ে মৃতদেহটো দেখা পাই বিভাগীয় আৰক্ষী আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক খবৰ দিয়াত আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো ৰেলৱে আৰক্ষীয়ে জিম্মাত লয় আৰু শিমলুগুৰি জংচন কৰ্তৃপক্ষৰ তদাৰকত মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থ শিৱসাগৰ জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে । 

পুৱাভাগতে উজনিমুখী দ্ৰুতবেগী ৰেলৰ চেপাত নিহত হোৱা ব্যক্তিজন বিয়লি ভাগত পৰিয়ালৰ লোকে নাজিৰা হুদুপৰা অঞ্চলৰ অতুল গগৈৰ পুত্ৰ শান্তনু গগৈ ( ৪৫ ) বুলি  চিনাক্ত কৰে ।  

Leave A Reply