Breaking

বৈঠালাংছ’ত ব’হাগী বিদায় উৎসৱ উদযাপন…

0 83

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ত শুক্ৰবাৰে ব’হাগী বিদায় উৎসৱৰ সামৰণি মৰা হয় ৷ চলিত মাহৰ ৯ তাৰিখে আদৰণি অনুষ্ঠানৰ জৰিয়তে খেল-ধেমালি অনুষ্ঠিত কৰি শুক্ৰবাৰে টীকা চৰকাৰী মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ সম্পাদিকা তুলসী জেনা আৰু সাংস্কৃতিক সম্পাদক পিংকু জেনাৰ সামগ্ৰিক পৰিচালনাত আয়োজিত প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় উদযাপন সমিতিয়ে ৷ বিশেষকৈ সন্ধিয়া ৭ বজাৰ পৰা আয়োজন কৰা সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীটিৰ শুভউদ্বোধন কৰি কাৰ্বি পৰিষদৰ কৰ উপদেষ্টা বৰ্ডৰ অধ্যক্ষ লিপচন বে’য়ে কয় যে বিভিন্ন জাতি-জনগোষ্ঠীৰ ঐক্যতাৰ বাহক ব’হাগ বিহুৰ এই বিদায়ক্ষণত বৈঠালাংছ’ যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত কৰা ব’হাগী বিদায় উৎসৱে প্ৰতিগৰাকী অসমীয়াক আন এটি বৰ্ষলৈ সজীৱতাৰে কৰ্মোদম জীয়াই ৰাখক তাৰেই কামনা কৰিছোঁ ৷ লগতে, বৈঠালাংছ’ৰ বুকুত

অনুষ্ঠিত কৰা এই ব’হাগী বিদায় উৎসৱটি বৃহত্তৰ বৈঠালাংছ’ অঞ্চলত বসবাস কৰা অসমীয়া-বাঙালী, কাৰ্বি-কছাৰী, তিৱা-ডিমাছা আদি কৰি প্ৰতিগৰাকী লোকৰ বাবে ঐক্যতাৰ বান্ধোন হিচাপে চিৰপৰিচিত হোৱাৰ কামনা কৰিলোঁ বুলি সাৱলীল ভাষণ প্ৰদান কৰে লিপচন বে’য়ে ৷ উদযাপন সমিতিৰ সভানেত্ৰী মিনতি ভড়ালী আৰু ঘোষক-সদস্য বিদ্যাছিং ডেৰাৰ শক্তিশালী পৰিচালনাত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াটিয়ে অন্য এক মাত্ৰা লাভ কৰিবলৈ সক্ষম হয় ৷ তাৰোপৰি, বৈঠালাংছ’ৰ বিশিষ্ট সমাজ সেৱক ক্ৰমে ষ্টিফান ইংতি, সত্য ঘোষ, সাধন দে’, দ্বীপ জোৱাদ্দাৰ, ৰাজীৱ ধৰ, কল্লোলকান্তি দাস, বুলু ৰয়, ধনছিং ইংজাই, খৰছিং বে’, হীৰনে পাটৰকো অনুষ্ঠানত সম্বৰ্ধনা জনোৱা লগতে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰমাৰ্কসহ প্ৰথমবিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা জিয়াশ্ৰী ভড়ালী আৰু

শ্ৰেয়া দেৱকো সম্বৰ্ধনা জনোৱা ৷ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত বৃহত্তৰ যুৱ সমাজৰদ্বাৰা প্ৰদৰ্শিত সাংস্কৃতিক কাৰ্যসূচীয়ে সকলোকে আপ্লুত কৰিবলৈ সক্ষম হোৱাৰ লগতে অপৰূপা সাংস্কৃতিক গোষ্ঠী, সেউজ পাহাৰ বিহু দল আৰু চৰাইহাগী মহিলা জেংবিহু দলৰ মনপৰশা সাংস্কৃতিক কাৰ্যসূচীয়েও উপস্থিত ৰাইজক মোহিত কৰিবলৈ সক্ষম হয় ৷ আনহাতে, আমন্ত্ৰিত কন্ঠশিল্পী নিকিতা লস্কৰৰ গীতৰ তালে তালে উপস্থিত প্ৰতিগৰাকী বিহুবলীয়া ৰাইজে কঁকাল ভাঙি নৃত্য কৰাটো অন্য এক আকৰ্ষণীয় দিশ বুলিও জানিব পৰা গৈছে ৷ স্থানীয় কন্ঠশিল্পী শিবাজী কাশ্যপ, গায়ত্ৰী বৰা, ধনছিং ইংজাইৰ মনপৰশা গীতেও সাংস্কৃতিক সন্ধিয়াটি জীপাল কৰি তোলে ৷ উল্লেেখযোগ্য যে উদীয়মান যুৱক গবিন টকবিৰ ব্যতিক্ৰমী কাৰ্যসূচী মুকাভিনয়ে উপস্থিত দৰ্শকক হাঁহিৰ খোৰাক যোগাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷

Leave A Reply