Breaking

বোকাখাত শঙ্কৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ আৰম্ভনি অনুষ্ঠান সম্পন্ন

0 1,113

বোকাখাতৰ অসমীয়া মাধ্যমৰ অন্যতম আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান বোকাখাত শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ আৰম্ভনী অনুষ্ঠান যোৱা ২১ আৰু ২২ জানুৱাৰীত দুদিনীয়া কায্যসুচীৰে অনুষ্ঠিত কৰা হয়। ১৯৯৮ চনৰ ২১ জানুৱাৰীত জন্ম গ্ৰহন কৰা নিকেতন খনৰ ৰূপালী জয়ন্তীত ভৰি দিয়াত ২১ জানুৱাৰী পুৱা বন্তি প্ৰজ্বলন কৰে নিকেতনৰ প্ৰাক্তন প্ৰধান আচায্য প্ৰতাপ ফুকনে। ইয়াৰ পিছত  নিকেতনৰ আচায্য,আচায্যা সকলৰ দ্বাৰা বন্দনা পৰিবেশন কৰা হয়। ৰূপালী জয়ন্তীৰ উদযাপন সমিতিৰ সভাপতি ফনীধৰ হাজৰিকাই মূল পতাকা উত্তোলন কৰাৰ লগে লগে নিকেতন খনৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি, সম্পাদক,সকলৰ লগতে বিশিষ্ট ব্যক্তি সকলে ২৪ খন পতাকা উত্তোলন কৰে। নিকেতন প্ৰতিষ্ঠা কালৰ পৰা নিকেতনৰ সৈতে জড়িত প্ৰয়াত সকলৰ পূণ্যাত্মাৰ স্মৃতিত স্মৃতি তৰ্পন কৰে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক শৈলেন তামুলীয়ে।

ইয়াৰ পিছত নিকেতনৰ সৈতে জড়িত প্ৰয়াত আৰু শয্যাশায়ী সকলৰ পৰিয়ালৰ সদস্য সকলক  সম্বৰ্ন্ধনা জনোৱা হয়। দিনৰ দুই বজাত নিকেতন প্ৰতিষ্ঠা কালৰ পৰা বৰ্ত্তমান লৈকে পৰিচালনা সমিতিৰ পদাধিকাৰ আৰু আচায্য,আচায্যা, কৰ্মচাৰী সকলৰ সৈতে অন্তৰঙ্গ আলাপ অনুষ্ঠিত হয়। ভবানন্দ কলিতাই আঁত ধৰা অনুষ্ঠানত উপস্থিত সকলে নিজৰ মত ব্যক্ত কৰে। ২২ জানুৱাৰীত প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সৌজ্যনত বৰ্নাঢ়্য কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ সন্মিলন অনুষ্ঠিত হয়। পুৱা স্মৃতি তৰ্পন কৰে প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সভাপতি চক্ৰপাণি কলিতাই। প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়ন কৰাৰ পিছত গুৰু প্ৰনামৰ প্ৰাক মূহুৰ্তত ছাত্ৰ ছাত্ৰী সকলৰ লগতে আচায্য, আচায্যা, শুভাকাঙ্খী সকলে এখন পুষ্পসজ্জিত বাহনেৰে গায়ন বায়ন সহ প্ৰাক্তন প্ৰধান আচায্যক ঘৰৰ পৰা আদৰি আনে।

ঐশ্বয্য শৰ্ম্মা আৰু অভিলাষ শৰ্ম্মাই আঁত ধৰা গুৰু প্ৰনাম কায্যসূচীত আচাৰ্য,আচায্যা কৰ্মচাৰী সকলক  একোখনকৈ ফুলাম গামোছা,সম্বৰ্ন্ধনা পত্ৰ, উপহাৰ আগবঢ়ায়।গুৰু প্ৰনামৰ পিছত ন পুৰণি ছাত্ৰ, ছাত্ৰী, আচাৰ্য আচায্যা, কৰ্মচাৰী সকলৰ সৈতে অন্তৰঙ্গ আলাপ  অনুষ্ঠিত কৰে। বিয়লি প্ৰাক্তন ছাত্ৰ  সন্মিলন অনুষ্ঠিত কৰে।‌‌ সন্ধিয়া বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী আকাশ ফুকনে। ইয়াৰ পিছত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ উদ্যোগত নৃত্য গীত পৰিবেশনৰ জড়িয়তে সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰি ৰূপালী জয়ন্তী বৰ্ষৰ আৰম্ভনি অনুষ্ঠান সামৰণি পৰে।  উদযাপন সমিতিয়ে এই অনুষ্ঠানত প্ৰত্যক্ষ বা পৰোক্ষভাৱে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply