Breaking

বকো বন বিভাগৰ চোৰাং কাঠৰ বিৰুদ্ধে অবিৰত অভিযান

0 1,237

পশ্চিম কামৰূপ বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চল সমূহৰ মূ্ল্যৱান গছ- গছনিৰ ধ্বংসযজ্ঞ ৰুধিবলৈ  বনকৰ্মীয়ে অব্যাহত ৰাখিছে প্ৰচেষ্টা ৷ এই  ক্ষেত্ৰত চোৰাং কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে বকোৰ বন বিভাগে বিশেষ তৎপৰতাৰে অসম- মেঘালয়ৰ সীমান্তলৈকে অব্যাহত ৰাখিছে অভিযান ৷ বৃহস্পতি বাৰে সন্ধিয়া অসম- মেঘালয় সীমান্তত বকো বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে চলায় এক সফল অভিযান ৷ বকোস্থিত শিংৰা বনাঞ্চলিক বিষয়া আব্দুল ৰৌফ আহমেদৰ নেতৃত্বত বকোৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ নিলগৰ অসম- মেঘালয়ৰ সীমান্তৰ দূৰ্গম অঞ্চল পিচলেংত বনৰক্ষী বাহিনীয়ে চলায় এই অভিযান ৷  উল্লেখ্য, মেঘালয়ৰ পৰা চোৰাং কাঠ ব্যৱসায়ীয়ে  মূল্যৱান চোৰাং কাঠৰ কুণ্ডা বিভিন্ন ঠাইলৈ চোৰাংকৈ সৰবৰাহৰ উদ্দেশ্য সীমান্তৰ পিচলেংত জমা কৰি ৰখা বুলি নিৰ্ভৰযোগ্য সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত চলোৱা অভিযানটোত  বন বিভাগে বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় । মেঘালয়ৰ পৰা আনি জমা কৰি ৰখা চোৰাং খোকন কাঠৰ এই প্ৰকাণ্ড প্ৰাক্ণ্ড কুণ্ডাসমূহ পিচত  বকোৰ বনৰক্ষী বাহিনীয়ে জব্দ কৰি বনাঞ্চলিকৰ কাৰ্যালয়লৈ লৈ আহে ৷ ইফালে, বনাঞ্চলিক বিষয়াই জনোৱা মতে, মেঘালয়ৰ এই চোৰাং খোকন কাঠৰ কুণ্ডাসমূহ  কামৰূপ পাৰ হৈ ব্ৰক্ষ্মপুত্ৰৰ নদী পথেৰে  হৈ বৰপেটা জিলাৰ বিভিন্ন ঠাইলৈকে চোৰাং ব্যৱসায়ীয়ে  সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল । বনৰক্ষী বাহিনীৰ হাতত জব্দ হোৱা চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্রায় ৬০ হাজাৰ টকা হ’ব বুলি জানিব পৰা গৈছে।

Leave A Reply