Breaking

বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ত ‘অন্নদাতা দেৱ ভৱ’ শীৰ্ষক শিৱিৰ

0 1,051

 দেশৰ অৰ্থনীতি নিৰ্ভৰ কৃষি খণ্ডৰ ওপৰত চৰকাৰে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি সময়ে সময়ে গ্ৰহণ কৰি অহিছে কৃষি- কৃষক কেন্দ্ৰিক অভিলাষী আঁচনি ৷ দেশৰ কৃষকৰ আয় দুগুণ কৰাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ আৰু দেশৰ উন্নত পাঁচ ৰাজ্যৰ তালিতাত অসমক অন্তৰ্ভুক্ত কৰাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সপোন বাস্তবায়িত কৰাব বাবে যোৱা ৭ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ ৰাজ্যজুৰি চৰকাৰৰ কৃষি বিভাগে আৰম্ভ কৰিছে ‘অন্নদাতা দেৱ ভৱ’ শীৰ্ষক কৃষি ভিত্তিক সজাগতা শিৱিৰ ৷ ইয়াৰে অংশ হিচাবে শুক্ৰবাৰে কামৰূপ জিলাৰ ‘বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়’ত অনুষ্ঠিত হয় ‘অন্নদাতা দেৱ ভৱ’ শীৰ্ষক এটি বিশেষ শিৱিৰ ৷ কৃষকসকলৰ সৰ্বতোপ্ৰকাৰৰ  উন্নয়ন আৰু কৃষকসকলৰ বিকাশৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰি শিৱিৰত উপস্থিত কৃষি বিষয়াসকলে পি এম কিষাণ নিধি, নিৰ্ধাৰিত চৰকাৰী দামত কৃষকৰ ধান ক্ৰয় আঁচনি, বেংক সম্পৰ্কীয় সমস্যা , কৃষকৰ ফচল বীমা আদিকে ধৰি কৃষি বিষয়ক বিভিন্ন আঁচনিৰ ওপৰত বিস্তৃত আলোকপাত কৰে ৷

বকো মহকুমা কৃষি বিষয়া চন্দ্ৰধৰ কলিতাই উদ্দেশ্য ব্যাখ্যা কৰা শিৱিৰখনত কৃষকৰ বিভিন্ন সমস্যা আৰু উন্নয়মৰ ওপৰত শিৱিৰত উপস্থিত কৃষি বিষয়া, গাওঁবুঢ়া, পঞ্চায়ত প্ৰতিনিধি আৰু কৃষকৰ মাজত মত বিনিময় ও পৰ্যালোচনা কৰা হয়  ৷ অনুষ্ঠানটোত মহকুমা কৃষি বিষয়া গৰাকীয়ে কৃষি বিভাগত চলি থকা বিভিন্ন আঁচনি, কৃষি আঁচনি সমূহৰ সফল ৰূপায়ন লগতে আঁচনিসমূহৰ পৰা প্ৰকৃত খেতিয়কে যাতে বঞ্চিত নহয় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি  মধ্যভোগী চক্ৰৰ পৰা সকলোকে দূৰত থাকিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ অনুষ্ঠানটোত বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ  অন্তৰ্গত বকো, বনগাওঁ, সোণতলী, গৰৈমাৰী, নগৰবেৰা আদি কৃষি চক্ৰ এলেকাৰ জেষ্ঠ কৃষি উন্নয়ন বিষয়া ক্ৰমে দীপক কুমাৰ ডেকা, হিতেশ ডেকা, আমজাদ আলী, কৃষি উন্নয়ন বিষয়া গৌতম ৰায় চৌধুৰী, জ্যোতি ঠাকুৰীয়া, অলক মালি, শশাংক গোস্বামী, ড° নিলাক্ষী শৰ্মাকে ধৰি কৃষি গ্ৰামসেৱক আৰৱ কাৰ্যালয়ৰ বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰী উপস্থিত থাকে ৷

Leave A Reply