Breaking

ৰাষ্ট্ৰীয় ঘাইপথত জ্বলিল বলেৰ’ বাহন

0 61

শনিবাৰে সন্ধ্যা ৭-৩০ মান বজাত জাঁজী হাঁহচৰাৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন বলেৰ’ বাহন চলন্ত অৱস্থাতে ভস্মীভূত হয়।

জানিব পৰা মতে চৰাইদেও জিলাৰ ভজোৰ পৰা যোৰহাট জিলাৰ লাদৈগড়লৈ আহি থাকোঁতে যান্ত্ৰিক বিজুটিৰ বাবেই সংঘটিত হয় এই অগ্নিকাণ্ড।

উক্ত ঘটনাত একমাত্ৰ আৰোহী হিচাপে থকা গাড়ী খনৰ চালক হৰি দাসৰ প্ৰাণ কথমপি ৰক্ষা পৰে।

Leave A Reply