Breaking

বলীউডৰ বিখ্যাত গায়ক লাকী আলীৰ মাটি অবৈধ দখল কৰিলে ভূমি মাফিয়াই…

0 54

গায়ক লাকী আলীয়ে দাবী কৰিছে যে যোৱা ৫০ বছৰ ধৰি তেওঁ সেই মাটিতেই বাস কৰিছিল। তেওঁ কয় যে তেওঁ কামৰ বাবে ডুবাইলৈ গৈছিল আৰু তেওঁৰ মাটি বেদখল কৰা হৈছিল।

বলীউডৰ বিখ্যাত গায়ক লাকী আলী আজিকালি বিপদত পৰিছে। বেংগালুৰুত থকা তেওঁৰ মাটি ভূমি মাফিয়াই বেদখল কৰিছে বুলি দাবী। আই এ এছ বিষয়া ৰোহিনী সিন্ধুৰীৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । তেওঁৰ অভিযোগ যে ভূমি মাফিয়াক আই এ এছ বিষয়া ৰোহিনী সিন্ধুৰীৰ সম্পূৰ্ণ সমৰ্থন আছে। যদিও এই অভিযোগসমূহ অস্বীকাৰ কৰিছে আই এ এছ বিষয়াগৰাকীয়ে।

এই বিষয় সন্দৰ্ভত দেওবাৰে (০৪ ডিচেম্বৰ) কেইবাটাও টুইটযোগে চিংগাৰে জনসাধাৰণৰ আগত নিজৰ সমস্যাৰ কথা কয়। তেওঁ ক’লে, ‘এইটো এটা ট্ৰাষ্টৰ সম্পত্তি আছিল। এই ভূমি বেংগালুৰুৰ ভূমি মাফিয়া সুধীৰ ৰেড্ডী আৰু মধু ৰেড্ডীয়ে অবৈধভাৱে দখল কৰি আছে। পত্নী ৰোহিনী সিন্ধুৰীৰ সহায়ত এই কাম কৰি আছে আই এ এছ বিষয়া। কৰ্ণাটকৰ ডিজিপিক তেওঁ নিজৰ সমস্যা নিজে কৈ সহায় কৰিবলৈ আহ্বান জনাইছে।

লগতে স্থানীয় আৰক্ষীয়ে ভূমি মাফিয়াক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰে। চিংগাৰে কয়, ‘মই সংশ্লিষ্ট উপ আৰক্ষী আয়ুক্তৰ ওচৰত অভিযোগ কৰিছো, কিন্তু ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।’ চিংগাৰে নিজৰ টুইটত লিখিছে, ‘তেওঁ (ৰোহিনী সিন্ধুৰী) নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাজ্যৰ সম্পদৰ অপব্যৱহাৰ কৰিছে। মোৰ ফৰ্মৰ ভিতৰলৈ বলপূৰ্বক আৰু অবৈধভাৱে আহি প্ৰাসংগিক নথি-পত্ৰ দেখুৱাবলৈ অস্বীকাৰ কৰিছে।

Leave A Reply