Breaking

বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি

0 1,055

সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বঙাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত শুকুৰবাৰে এটা কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয় ৷ জিলা আছুৰ মুখ্য কাৰ্যালয় শ্বহীদ ভৱনত স্থাপন কৰা কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে মূলাগাঁও শাখা ভাৰতীয় ষ্টেট বেংকৰ শাখা প্ৰৱন্ধক প্ৰণৱ কুমাৰ ৰায়ে ৷ এই উপলক্ষে জিলা ছাত্ৰ সন্থাৰ সভাপতি যিনোদ নাথৰ সভাপতিত্বত অনুষ্ঠিত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি অনুষ্ঠানত শাখা প্ৰৱন্ধকগৰাকীয়ে আছুৰ এই পদক্ষেপত আদৰণি জনাই কয় যে যিসকল ছাত্ৰ- ছাত্ৰী আৰ্থিকভাৱে স্বচ্ছল নহয় তেওঁলোকে ব্যক্তিগতখণ্ডৰ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰত অত্যাধিক মাচুল ভৰি প্ৰশিক্ষণ গ্ৰহণ কৰাত অসুবিধাৰ সন্মুখীন হয় ৷

সেয়ে আছুই মুকলি কৰা এই কেন্দ্ৰটোত দুখীয়া ছাত্ৰ- ছাত্ৰীসকলে অতি কম মাচুল আদায় দি প্ৰশিক্ষণ গ্ৰহণ কৰাত সুবিধা লাভ কৰিব ৷ গতিকে এয়া নিসন্দেহে আদৰণীয় পদক্ষেপ ৷ তেওঁ লগতে কয় যে বৰ্তমান সময়ত কম্পিউটাৰ অবিহনে কোনো কামেই কৰিব নোৱাৰি ৷ সেয়ে কেন্দ্ৰটোৰ জৰিয়তে আগ্ৰহী ছাত্ৰ — ছাত্ৰীসকলে কম্পিউটাৰৰ শিক্ষা গ্ৰহণ কৰি নিজকে প্ৰশিক্ষিত কৰি তুলিব পাৰিব ৷ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিৰণ্য কুমাৰ ৰায়, বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ ডেকা, সাংবাদিক ধৰমৰঞ্জন ৰয় আদিয়ে বক্তব্য ৰাখে ৷

অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নীলোৎপল চক্ৰৱৰ্তী, জিলা আছুৰ সাধাৰণ সম্পাদক জ্যোতি শংকৰ ৰায় চৌধুৰী, বঙাইগাঁও আঞ্চলিকৰ সভাপতি কুলজিৎ ৰায়ৰ লগতে আছু কৰ্মী আৰু  প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া ছাত্ৰ – ছাত্ৰীসকল উপস্থিত থাকে ৷ জিলা আছুৰ সভাপতি আৰু সাধাৰণ সম্পাদকে জানিবলৈ দিয়া মতে প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া ছাত্ৰ – ছাত্ৰীসকলৰ নামভৰ্তি বিনামূলীয়া কৰা হৈছে  আৰু মাহেকীয়া মাচুলো অতি ন্যূনতম ধাৰ্য কৰা হৈছে ,যাতে দুখীয়া পৰিয়ালৰ ছাত্ৰ – ছাত্ৰীসকলে বিনা বাধাই প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰে ৷ 

Leave A Reply