Breaking

গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থ উন্মোচন

0 2,068

বিগত ২৬ বছৰ অসমৰ কুইজৰ ক্ষেত্ৰখনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে তেখেত। মিতালী সংঘ, টিহুৰ ‘বিহুৰে বিৰিণা পাত’ৰপৰা ‘সহস্ৰজনে মোক প্ৰশ্ন কৰে’, ‘নৱকান্ত সোঁৱৰণ’লৈ – বিশেষকৈ অসম বিষয়ক কুইজত তেখেতে লাভ কৰি আহিছে প্ৰশংসনীয় সফলতা ৷ অসমৰ কুইজত নাৰীৰ অংশগ্ৰহণৰ ক্ষেত্ৰত নতুন বাট কাটি দিয়া এইগৰাকী জ্যেষ্ঠ কুইজাৰ্ডৰ প্ৰথমখন কুইজৰ কিতাপ আজি উন্মোচন কৰা হ’ল গুৱাহাটী প্ৰেছ ক্লাৱত । উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ, প্ৰসিদ্ধ কুইজ পৰিচালক ড° অমৰজ্যোতি চৌধুৰী । আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰশাসনীয় বিষয়া ৰবেন্দ্ৰ কুমাৰ দাস ।
অনুষ্ঠানত তেখেতৰ ‘প্ৰৱন্ধ সুবাস’ নামৰ আন এখন গ্ৰন্থও উন্মোচন কৰা হয়। লগতে অ আ ক খৰ তৰফৰপৰা আয়োজন কৰা হয় ‘অসমৰ নাৰী’ বিষয়ক এখন লিখিত কুইজ ৷ প্ৰতিযোগিতাখনত Ankurjyoti Sarma ই প্ৰথম, Hiranya Kumar Barman -এ দ্বিতীয়, Manash Pratim Baruah আৰু দীপাঞ্জলি ভট্টাচাৰ্যই তৃতীয় আৰু ভাস্বতী চৌধুৰীয়ে চতুৰ্থ পুৰস্কাৰ লাভ কৰে ৷ সমগ্ৰ অনুষ্ঠানটো সুন্দৰভাৱে আঁত ধৰে আবৃত্তিকাৰ, কুইজাৰ্ড Ankita Goswami -এ ৷ বিভিন্ন দিশত সহায়-সহযোগিতা আগবঢ়াই Pankaj Sarma , Girish Barman আৰু Dhan Deka ই ৷

Leave A Reply