Breaking

দুনীৰ ভেৰুৱাত গ্ৰন্থ উন্মোচন

0 2,019

ব্যক্তি এগৰাকীৰ জীৱন কালৰ সময় ছোৱাত কৰ্মজীৱনৰ ওপৰত এখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰাটো এক আদৰণীয় কথা।এই মন্তব্য মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰৱক্তা ডঃ ৰমেন কলিতাৰ।১৬ জানুৱাৰীত দুনীৰ ভেৰুৱাত বিশিষ্ট সমাজকৰ্মী বসুন্ধৰ চহৰীয়াৰ বাসগৃহত তেওঁৰে জীৱন আৰু কৃতিৰ লগতে পৰিয়ালৰ ইতিহাস সম্বলিত এখন  গ্ৰন্থ উন্মোচন কৰি  কলিতাই বসুন্ধৰ চহৰীয়াৰ পৰিয়ালৰ পদক্ষেপক প্ৰশংসা কৰে। 

আবেলি ৩-৩০ বজাত  বসুুন্ধৰ চহৰীয়াৰ বাসগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে ছিপাঝাৰৰ সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশী, বিশিষ্ট অতিথি হিচাপে সাহিত্যিক  চহিৰ ভূঞা উপস্থিত থাকি  শিক্ষা জীৱন আৰু ব্যক্তি এগৰাকীৰ কৰ্মজীৱনৰ ওপৰত বক্তব্য ৰাখি  বসুন্ধৰ চহৰীয়া আৰু পৰিয়ালক প্ৰশংসা কৰে।এখন আদৰ্শ ঘৰৰ মুৰব্বী তথা এটা শিক্ষিত পৰিয়ালৰ সুযোগ্য অভিভাৱক তথা ছিপাঝাৰ উন্নয়়ন খণ্ডৰ সহকাৰী কনিষ্ঠ অভিযন্তা বিনোদ চহৰীয়াৰ পিতৃ বসুন্ধৰ চহৰীয়া়ৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত সভাত উপস্থিত থকা ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে  বক্তব্য দাঙি।

সু-লেখিকা ডঃ গীতিকা চহৰীয়াই আঁতধৰা আৰু  আৰম্ভণি গীতেৰে কাৰ্যসূচীৰ পাতনি মেলা সভাখনত বন্তি প্ৰজ্বলন, প্ৰাচীৰ পত্ৰিকা এখনো উন্মোচন কৰা হয়। সভাত গ্ৰন্থ প্ৰকাশ সমিতিৰ ফালৰ পৰা ভূূূষণ চহৰীয়াই চমু বক্তব্য আগবঢ়ায়। উল্লেখ্য যে উপস্থিত লোকসকলক খাতি অসমীয়া জলপানেৰে  আম্পায়ন কৰাটো আছিল লক্ষণীয়।        

Leave A Reply