Breaking

মুষলধাৰ বৰষুণৰ পানীত বুৰ গৈছে বৰদিকৰাই অঞ্চল

0 1,276

যোৱা কিছু দিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত ওফন্দি ওঠা বৰদিকৰাই নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পাচমূখ,বৰডিকৰাই,নিজ বৰডিকৰাই,খ্ৰীষ্টানবস্তি,খখন বস্তি,জৰ্দান বস্তি আদিকে ধৰি মূঢ়াদল অঞ্চলৰ কেইবাখনো গাঁৱৰ ঘৰৰ চোতাল,খেতি-পথাৰৰ বিস্তিৰ্ন এলেকা। আজি কেইবাদিন ধৰি নিশাৰ ভাগত মুষলধাৰে দিয়া বৰষুণৰ ফলত হৰ্ঠাৎ নদীখনৰ পানী বাঢ়ি যোৱাত উল্লিখিত গাঁও সমুহৰ তামোল পানৰ বাৰি,ক্ষুদ্ৰ চাহ খেতি,ধাননি পথাৰসমুহ নদীখনৰ বাঢ়নি পানীয়ে বুৰাই পেলাই। লগতে ৰাজহুৱা আৰু একাংশ আত্ম সহায় গোটে মৎস পালন কৰা পুখুৰী সমুহতৰ ভেটা সমুহ ভাগি পানী সোমাই যোৱাত বহু টকাৰ পোহনীয়া মাছ ওলাই যায়। ইয়াৰ ওপৰি বৰষুণৰ পানীত ভৰি পৰা বৰডিকৰাই নৈৰ বাঢ়নি পানীয়ে অঞ্চলটোৰ  কেইবাঠাইত লাখ লাখ ধন ব্যয় কৰি আৰম্ভ কৰা ব্ৰইলাৰ ফাৰ্মত পানী সোমাই কুকুৰা পোৱালীৰ মৃত্যুৱে পালকসকল আৰ্থিক লোকচানৰ সন্মূখীন হোৱাৰ কথা জানিবলৈ পোৱা গৈছে। তদুপৰি মূঢ়াদল অঞ্চলৰ বৃহৎৰ মিৰি গাঁৱতো জলসিঞ্চলন বিভাগৰ নলাৰ পানী সোমোৱাত গাঁওখনৰ বিদ্যালয়,অংগনবাদী কেন্দ্ৰৰ চৌহদৰ উপৰিও কেইবাটাই পৰিয়ালৰ বাস গৃহৰ ভিতৰত পানী সোমোৱাৰ ফলত কৃতিম বানৰ কবলত পৰিছে গাঁওখনৰ ৰাইজ।

Leave A Reply