Breaking

নলবাৰী জিলাত বড়ো ধান ছপোৱা উৎসৱ

0 126

নলবাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়, আত্মা (ATMA) ৰ উদ্যোগত এপাৰ্ত (APART) আঁচনিৰ অধীনত চামতা কৃষি চক্ৰৰ অন্তৰ্গত বনগাঁওত “বড়ো ধান চপোৱা উৎসৱ” অনুষ্ঠিত কৰা হয়।

জিলা কৃষি বিষয়া প্ৰবীণ চন্দ্ৰ মেধিয়ে শতাধিক কৃষকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত কৃষকসকলক উদ্দেশ্যি আধুনিক কৃষি পদ্ধতি, খেতিত আধুনিক কৃষি যন্ত্ৰ ব্যৱহাৰ, উন্নত প্ৰজাতিৰ বীজৰ ব্যৱহাৰ, কৃষকৰ খৰচ কম আয় বৃদ্ধি, আদি বিষয়ত আলোচনা কৰাৰ লগতে সজাগ কৰে।

ইয়াৰ উপৰিও অনুষ্ঠানত বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন অভিলাষী আঁচনি যেনে PMKISAN, PMKSY, PMFBY, CMSGUY আদি আঁচনিৰ বিষয়ে বিশদভাৱে আলোচনা কৰে।

উক্ত আঁচনিৰ অধীনত কৃষক ৰাইজে কেনেকৈ সুবিধা সমুহ লাভ কৰিব সেই বিষয়ে অৱগত কৰে। অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ সহযোগী বিজ্ঞানী ড° বিপিন কুমাৰে ধান ৰোৱাৰ পৰা শস্য চপোৱালৈ আৰু কৃষি যন্ত্ৰিকীকৰণৰ গুৰুত্ব সম্পৰ্কে বিতংভাৱে জনায়।

আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ কণিষ্ঠ গৱেষক অম্লান দ্বীপ শইকীয়া ই কৃষি যন্ত্ৰ সম্পৰ্কে অৱগত কৰাৰ লগতে কৃষি যন্ত্ৰ সমূহ পৰিচয় কৰাই দিয়ে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি বনগাঁওস্থিত কৃষক কল্যাণ এফ পি অ’ ৰ পথাৰত বৰো ধানৰ খেতি আধুনিক কৃষি যন্ত্ৰ কম্বাইন হাৰভেষ্টাৰৰ (Combine Harvester) সহায়ত চপোৱাৰ লগতে কৃষক ৰাইজৰ মাজত কৃষি যন্ত্ৰৰ প্ৰদৰ্শনী কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° মনোজ কুমাৰ ভূঞা আৰু কৃষি উন্নয়ন বিষয়া মৃদুপবন মুদৈ, দি পি দি (আত্ম) ড° জয়া গগৈ লগতে এপাৰ্ট ,আত্মা,বিভাগৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকল আৰু কৃষক কল্যাণ এফ পি অ’ ৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

Leave A Reply