Breaking

শাসক-বিৰোধী উভয়ে অব্যাহত ৰাখিছে সোণাৰি পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

0 61

অহা ছয় মাৰ্চত অনুষ্ঠিত হবলগীয়া পৌৰসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সোণাৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণাৰি পৌৰসভাত তীব্ৰতৰ হৈ উঠিছে প্ৰচাৰ অভিযান। সোণাৰি পৌৰসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি তথা মিত্ৰ দল অসম গণ পৰিষদৰ লগতে কংগ্ৰেছ তথা অসম জাতীয় পৰিষদে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান।

ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলে ভোটাৰৰ মন জয় কৰিবলৈ ঘৰে ঘৰে গৈ চলাইছে প্ৰচাৰ অভিযান। সমান্তৰালকৈ নিজৰ নিজৰ ৱাৰ্ডত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাও পৰিলক্ষিত হৈছে। আজি সোণাৰিৰ চাৰি আৰু ন নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী ক্ৰমে গিৰিণ গগৈ আৰু চুমা দাসৰ  হৈ প্ৰচাৰ অভিযান চলোৱা লগতে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিৰামহীন প্ৰগতি,সামগ্ৰিক বিকাশ আৰু সুপৰিকল্পিত নগৰীকৰণ, পৌৰসভা অঞ্চলৰ দ্ৰুত উন্নয়ন,বিকশিত আৰু সুৰক্ষিত পৌৰসভা গঠনৰ বাবে অহা  ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনত  বিজেপিৰ মিত্ৰজোঁটৰ বিপুল ভোটত জয়যুক্ত কৰিবলৈ  ৰাইজক আহ্বান জনায় বিধায়কগৰাকীয়ে ।

প্ৰচাৰ কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টী, চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাছা, বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য কাজল দে, চৰাইদেউ জিলাৰ বিজেপিৰ কোষাধ্যক্ষ তাৰাচন আগৰৱালা, বিজেপিৰ সোণাৰি নগৰ মণ্ডলৰ সভাপতি অভিজিৎ চেলেং, ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা, জ্যেষ্ঠ বিজেপি নেতা অৰ্জুন ছেত্ৰীৰ লগতে দলৰ জেষ্ঠ কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে৷ ইফালে নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱ নিযুক্ত কোষাধ্যক্ষ শৰৎ বৰকটকীয়ে এই নিৰ্বাচনত সোণাৰিৰ ভোটাৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলক জয়যুক্ত কৰিব বুলি আশা প্ৰকাশ কৰে।

১৬ টা ৱাৰ্ডৰ ভিতৰত অতি কমেও দহটাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হৈ পৌৰসভা দখল কৰিব পাৰিব বুলি মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত। আনহাতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ উপ সভাপতি টংকেশ্বৰ কোঁৱৰেও এইবাৰ পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই নিজৰ প্ৰচাৰ অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে।

Leave A Reply