দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৫ নৱেম্বৰঃ কালি মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ গেৰুৱাত United Bodo People’s Organization মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা এক ৰাজহুৱা সভাত উপস্থিত থাকে বি পি এফ দলৰ ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী।

নতুনকৈ গঠন হব লগীয়া বড়ো, কছাৰী স্বায়ত্ব পৰিষদ সন্দৰ্ভত ৰাইজৰ সৈতে পৰ্যালোচনা কৰে সাংসদ গৰাকীয়ে। আগন্তুক নিৰ্বাচনত শাসনাধিষ্টি বি জে পি দলৰ লগত মিত্ৰতাৰ কোনো ইংগিত দিয়া নাই সাংসদগৰাকীয়ে।