প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটী মণ্ডলৰ মুখ্য সঞ্চালিক ৰাজযোগিনী ব্ৰহ্মাকুমাৰী শীলাৰ আহমেদাবাদত এখন হস্পিতালত চিকিৎসাধীন অৱস্থাতে ৭৫ বছৰ বয়সত কালি পুৱা ৭.১১ বজাত পাৰ্থিৱ শৰীৰ ত্যাগ কৰি পৰমধামলৈ গতি কৰে৷ ১৯৪৯ চনত কলিকতাৰত এক সম্ভ্ৰান্ত মাৰোৱাৰী পৰিয়ালত জন্মগ্ৰহণ কৰা ব্ৰহ্মাকুমাৰী শীলাই কলিকতাতে শিক্ষা লাভ কৰি থকা অৱস্থাতে আধ্যাত্মিক জ্ঞানৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিদ্যালয়ৰ জ্ঞানৰ গভীৰতাত সোমাই পৰিল৷ ১৯৬৮ চনৰ ১জানুৱাৰীৰ দিনা শীলা ঈশ্বৰীয় সেৱাতমৰ বাবে গোটেই জীৱন সমৰ্পণ কৰি দিয়ে৷ সেৱাক জীৱনৰ শ্বাসৰূপে পোৱা বেহেনজীৰ ত্যাগ, তপস্যা আৰু দৃঢ় সংকল্পৰ বাবে অনেক বাধা-বিঘিনি পাৰ হৈ তেজপুৰত ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিদ্যালয়ৰ শাখা খোলে ১৯৭৬ চনত৷ ১৯৭৮ চনত নিৰ্লস সাধনা আৰু অবিভ্ৰান্ত ফলস্বৰূপে অসম, মেঘালয়, মণিপুৰ, ত্ৰিপুৰা আৰু বাংলাদেশত ২০০ খনৰো অধিক ঈশ্বৰীয় বিদ্যালয়ৰ শাখাকেন্দ্ৰ প্ৰতিষ্ঠা কৰে৷ ৰাজযোগিনী শীলা বাইদেউৰ তত্ত্বাৱধানত প্ৰায় ৩৫০০০ ৰো অধিক ঈশ্বৰীয় পৰিয়ালটো ইমান নিখুঁত আৰু শৃংখলাবদ্ধভাৱে পৰিচালিত হৈছে যে ইয়াত মূলতে শীলা বাইদেউৰ প্ৰশংসনীয় মাতৃবতৰ পালনা৷

সংগঠন শক্তিত অদ্বিতীয়া জননীস্বৰূপা দূৰদৰ্শী, সুদক্ষ প্ৰশাসিকা শীলাই জাতি, ধৰ্ম নিৰ্বিশেষে সকলো আত্মাৰ বাবে প্ৰগতিৰ বাবে নতুন নতুন পৰিকল্পনাতে সফলতা লাভ কৰি সমানত নৈতিক মূল্য আৰু মানৱীয় মূল্যবোধ জগাই তুলিবলৈ নিৰন্তৰ প্ৰয়াস কৰি আহিছে৷
অত্যন্ত সাহসী, নিৰ্ভীক, আধ্যাত্মিক শক্তিৰে মহিমামণ্ডিত আধ্যাত্মিক নেত্ৰীগৰাকীয়ে যোগশক্তি প্ৰকম্পনেৰে ঈশ্বৰীয় বিশ্ববিদ্যালয়ত শিক্ষা দিওঁতে সকলো কামতে নিয়মানুৱিৰ্ততা, সময়ানুৱৰ্তিতাৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰে তদুপৰি জাতি,ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে মনত আনন্দ দিবৰ বাবে স্বৰ্গীয় উৎসৱ-পাৰ্বন, সাংস্কৃতিক অনুষ্ঠান আদি পালন কৰিছিল। মহা তপস্বীনি শিলা বাইদেৱে শান্তি, প্ৰেম, আনন্দ, ধৈৰ্য, সহনশক্তি আদিৰ দেৱী গুণৰ সমাৱেশ ঘটাই বৌদ্ধিক আৰু ভাৱআত্মক দুয়ো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি এক বৃহৎ ঈশ্বৰীয় পৰিয়াল গঢ়ি তুলিবলৈ সক্ষম হৈছিল।
ঐশ্বৰীক শক্তিৰ অধিকাৰী, দিব্যদৃষ্টিসম্পন্না ৰাজযোগিনী শীলা বাইদেউ প্ৰভুপচন্দ, লোকপছন্দ আৰু দেশ বিদেশতো পূজিতা আছিল এইগৰাকী মহান আত্মাক হেৰুৱাই ঈশ্বৰীয় পৰিয়ালটোও শোকাবিভূত হৈ পৰিছে৷ ১৮ জুন তাৰিখে ৰাতিপুৱা ৭ বজাৰ পৰা দিনযোৰা কাৰ্যসূচী ৰূপনগৰৰ বিশ্বশান্তি ভৱনত আদৰণীয় বেহেনজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব৷ ১৯ জুন ৰাতিপুৱা অন্তিম যাত্ৰা আৰম্ভ কৰি উত্তৰ গুৱাহাটীৰ নৱনিৰ্মিত ৰিট্ৰিত চেন্টাৰত অন্তিম সংস্কাৰ কৰা হ’ব৷

