Breaking

সুখোৱাৰঝাৰত ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কাল ৰূপ : একাধিক ঘৰ দুৱাৰৰ প্ৰতি তীব্ৰ ভাবুকি : কূম্ভকৰ্ণ নিদ্ৰাত জলসম্পদ বিভাগ

0 2,204

:বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ দক্ষিণ পাৰৰ সুখোৱাৰঝাৰ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়াই আতংকিত কৰি তুলিছে নৈ পৰীয়া শ শ পৰিয়ালক। ইতিমধ্যে কালৰূপী খহনীয়াই এফালৰ পৰা মাটি চপৰা চপৰে খহাই নিয়াত নদীৰ বুকত জাহ গৈছে এটাৰ পিছত আন এটাকৈ ঘৰ-দুৱাৰ। যাৰ বাবে নৈপৰীয়া ৰাইজৰ মাজত  হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।সুদীৰ্ঘ ৩০/৩৫ বছৰ ধৰি অঞ্চলটোত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াই এইবাৰো কাল ৰূপ ধাৰণ কৰাত নদীত ইতিমধ্যেই   ৪০টাকৈ পৰিয়ালৰ ঘৰ-বাৰী , বিস্তৃৰ্ণ কৃষিভূমি জাহ যোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰবাৰীৰ আৰু শ শ বিঘা কৃষি ভূমিৰ প্ৰতি চৰম ভাবুকি আহিছে ৷ অঞ্চলটোৰ ধৰ্মপুৰ, ভাতনাপাইতিচৰ, সুখোৱাৰঝাৰ আদি গাঁৱ সমূহত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থকাত বহু পৰিয়ালৰ ঘৰ বাৰীৰ লগতে কৃষি ভূমি খহাই নি বালিচৰত পৰিণত কৰাত বহু পৰিয়াল সৰ্বহাৰা হৈ বিগত সময়চোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থানান্তৰ হোৱা পৰিলক্ষিত হৈছে যদিও এই সকল দূৰ্ভগীয়া পৰিয়ালৰ আজিকোপতি কোনো এটা চৰকাৰেও পুন সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।ইপিনে স্থানীয় বিধায়ক শ্বেৰমান  আলী আহমেদেও খহনীয়া গ্ৰস্থ সকলৰ এনে দুৰ্শা দেখিয়ো নেদেখাৰ ভাও ধৰি আছে বুলি অভিযোগ উত্থাপন কৰিছে খহনীয়াগ্ৰস্ত একাংশ পৰিয়ালে । অচিৰেই চৰকাৰ তথা জলসম্পদ বিভাগৰ লগতে স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদক নদীখনৰ গৰাখহনীয়া ৰোধ কৰি বৃহত্তৰ অঞ্চলটোক খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনাইছে নৈপৰীয়া ৰাইজে ।

Leave A Reply