Breaking

লুইতৰ উগ্ৰমুৰ্ত্তিয়ে নিদ্ৰা হৰিছে নগাঁওবাসীৰ, জলসম্পদ মন্ত্ৰীৰ গৃহজিলাত বিপদ ডংকা ।

0 1,093

 নগাঁও : নগাঁও আৰু মৰিগাঁও অঞ্চলৰ বিস্তীৰ্ণ অঞ্চলত পুনৰ লুইতৰ বানে বুৰাই পেলোৱাৰ আশংকাই বৰ্তমান আতংকিত কৰিছে জিলা দুখনৰ নৈ-পৰীয়া ৰাইজক। বিশেষকৈ নগাঁও জিলাৰ নৈপৰীয়া ৰাইজক লুইতৰ বানৰ পৰা ৰক্ষা কৰিবলৈ নিৰ্মান কৰা শিলঘাট-ধিং মথাউৰিৰ সঠিক মেৰামতি নোহোৱাৰ ফলতেই পুনৰ ২০১২বৰ্ষৰ দৰে ভয়ংকৰ বানৰ পুনৰাবৃত্তি হোৱাৰ আশংকাই দেখা গৈছে। উল্লেখযোগ্য যে ২০১২ বৰ্ষত শিলঘাট-ধিং মথাউৰিৰে পানী বাগৰাৰ ফলতে নগাঁও জিলাৰ চামগুৰি, ৰূপহী, জুৰিয়া আদি বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে ন ন অঞ্চলত বাবে সংহাৰলীলা চলাইছিল। পৰৱৰ্তী সময়ত নগাঁৱৰ ৰাইজৰ সুৰক্ষা কৱচ স্বৰূপ শিলঘাট-ধিং মথাউৰিৰ পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও জলসম্পদ বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু বিষয়াৰ বাবেই বহু আসোঁৱাহ ৰৈ গৈছিল। এইবেলি পুনৰ লুইতৰ পানীয়ে ১৯৯৮ৰ অভিলেখ ভংগ কৰিছে। অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা মুষলধাৰ বৰষুণৰ ফলতেই লুইতৰ বুকু উফন্দি উঠাৰ লগতে ফেনে-ফুটুকাৰে বাঢ়ি অহা উপনৈ সমূহৰ পানীয়ে লুইতক অধিক সংহাৰী কৰি তুলিছে। ফলত উজনি অসমৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ভয়াবহ ৰূপ ধাৰণ কৰিছে। নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ ভুৰবন্ধা আৰু লাওখোৱাতো বানে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে। কিন্তু আটাইতকৈ চিন্তাৰ কাৰণটো হৈছে নগাঁও জিলাৰ হালধিয়াআটি আৰু কলাডোবাত থকা ৰিং বান্ধৰ ওপৰেদি পানী নিগৰিছে। এই বান্ধ দুটা ২০১৭-১৮ আৰু ২০১৮-১৯ বৰ্ষত নিৰ্মান কৰা গৈছিল যদিও বৰ্তমান দুয়োটা বান্ধৰে অৱস্থা শোচনীয়। আনকি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিৰ বৰঘূলিৰ বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বানে বুৰাই পেলাইছে। অৱশ্যে বৰ্তমানেও হাতীমূৰা বান্ধ সম্পূৰ্ণ অক্ষত অৱস্থাত আছে। কিন্তু তথাপিও শিলঘাট-ধিং মথাউৰিৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিয়ে নিদ্ৰা হৰিছে নগঁঞা ৰাইজৰ। সেয়ে যদিহে জলসম্পদ বিভাগৰ অমনযোগিতাৰ বাবে পুনৰ শিলঘাট-ধিং মথাউৰিৰ হানি-বিঘিনি ঘটে তেনেহ’লে ২০১২ত কৈও ভয়ংকৰ বানৰ সৃষ্টি হ’ব পাৰে নগাঁৱত।

Leave A Reply