Breastfeeding: দুগ্ধ পান কৰোৱা মাতৃয়ে নাখাব এইসমূহ খাদ্য !

শিশুৰ বিকাশৰ বাবে মাতৃৰ গাখীৰ অতি গুৰুত্বপূৰ্ণ। শিশুৱে সকলো পুষ্টিকৰ উপাদান কেৱল মাতৃৰ গাখীৰৰ পৰাই পায়। গতিকে এই সময়ত মাতৃসকলক বিশেষভাৱে খাদ্যাভ্যাসৰ যত্ন লোৱাৰ পৰামৰ্শ দিয়া হয়। অস্বাস্থ্যকৰ খাদ্যৰ প্ৰভাৱ গাখীৰৰ জৰিয়তেও শিশুৰ ওচৰলৈ যায়।(Breastfeeding)


ব্ৰকলি, কবি, বিন, চজিনা, বাদাম, আলু আৰু বেঙেনা আদি শাক-পাচলিয়ে গেছ কৰে। এনে পৰিস্থিতিত দুগ্ধ পান কৰোৱা মাতৃয়ে অতি কমকৈ খাব লাগে এই সমূহ বস্তু, অন্যথা শিশুৰ গেছৰ সমস্যাও হ’ব পাৰে।

কেফেইনে গাখীৰত থকা আইৰণৰ পৰিমাণ হ্ৰাস কৰে, যাৰ ফলত শিশুৰ ৰক্তহীনতাও হ’ব পাৰে। এনে পৰিস্থিতিত এগৰাকী দুগ্ধ পান কৰোৱা মাতৃয়ে প্ৰতিদিনে একাপতকৈ অধিক কফি বা চাহ সেৱন কৰিব নালাগে।

স্বাস্থ্যৰ বাবে ছাইট্ৰাছ ফল অতি প্ৰয়োজনীয় কিন্তু যদি আপুনি দুগ্ধপান কৰাই আছে তেন্তে এনে খাদ্য বেছিকৈ গ্ৰহণ নকৰিব। কাৰণ ই কেতিয়াবা শিশুৰ পেটৰ সমস্যাৰ সৃষ্টি কৰে।

জাংক ফুডত অধিক পৰিমাণৰ ট্ৰেন্স ফেট থাকে, যি স্বাস্থ্যৰ বাবে উপকাৰী নহয়। লগতে যদি আপোনাৰ শিশুৱে আপোনাৰ গাখীৰ খাই আছে তেন্তে ইয়াৰ পাৰ্শ্বক্ৰিয়া শিশুৰ ওপৰতো দেখা যায়। ইয়াৰ ফলত শিশুৰ মগজুৰ বিকাশত প্ৰভাৱ পৰে।

কৃত্ৰিম মিঠাযুক্ত খাদ্য সেৱনৰ বাবে স্তনপান কৰা শিশুৰ মেদবহুলতা আৰু মধুমেহ ৰোগৰ আশংকা আন শিশুতকৈ বেছি। যদি আপুনি এনে খাদ্য গ্ৰহণ কৰে তেন্তে কমাই দিয়ক খাবলৈ।

Related Articles