Breaking

ছিপাঝাৰত ইটাভাতাই জনজীৱনলৈ কঢ়িয়াইছে তীব্ৰ ভাবুকি

0 2,241

দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ বিভিন্ন ঠাইত নীতি-নিয়ম বহিৰ্ভূতভাবে এটাৰ পিছত এটাকৈ কাঠফুলাৰ দৰে গঢ়ি উঠা ইটাভাতাই সমগ্ৰ অঞ্চলটোলৈ ভয়াবহ বিপদ  কঢ়িয়াই আনিছে। দৰং জিলাৰ পশ্চিমৰ কলিতাপাৰা,শুক্ৰাগুৰি,কুৰুৱা,খলিহৈ,গনেশকুঁৱৱী,বাঁহগড়া,দুমুনিচকী,শিঙিমাৰী,চুটীয়াকাটা,পূব নাওঁদিঙা, বাঘমাৰা আদি ঠাইৰ খেতিপথাৰত গঢ়ি তোলা ইটাভাতা সমূহে জনজীৱনলৈ এক ভয়াবহ বিপদ কঢ়িয়াই আনিছে।কিয়নো ইটাভাতাৰ পৰা নিৰ্গত হোৱা ছালফাৰ ডাইঅক্সাইড আৰু কাৰ্বন ডাই অক্সাইডযুক্ত বিষাক্ত ক’লা ধোঁৱাই ইয়াৰ আকাশ- বতাহ ছানি ধৰি প্ৰদূষণযুক্ত কৰাৰ পাছত তাৰ পাৰ্শ্বক্ৰিয়াত  অঞ্চলটোৰ দৰিদ্ৰ লোক সকলৰ শ-শ বিঘা কৃষি ভূমি বিনষ্ট হোৱাৰ লগতে গছ-বিৰিখতো নেতিবাচক প্ৰভাব পৰিছে।যাৰ বাবে খেতি পথাৰত সমূহত শস্য ডৰা ৰঙা পৰি মৰি যোৱাৰ লগতে বস্তিত থকা তামোল-পাণ,নাৰিকল আদিতো ফলনধৰা হৈ গজমূৰ হৈ হৈছে।যাৰ ফলত গাঁৱলীয়া চহা কৃষক ৰাইজে অৰ্থনৈতিক ভাবে দুৰ্বল হৈ পৰাৰ বিপৰীতে লাভবান হৈছে ইটাভাতা উদ্যোগৰ মালিক সকল। আশ্বৰ্যজনক কথা যে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু জিলা প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে।ইয়াতকৈ ভয়াবহ কথা যে অঞ্চলটোৰ লোক সকলৰ মাজত কেন্সাৰজনিত ৰোগত সততে জীৱন হেৰুৱাবলগীয়া  হোৱাৰ মূলতে ইটাভাতাৰ সমূহৰ বিষাক্ত ক’লা ধোঁৱাৰ প্ৰভাৱ। তদুপৰি শৰীৰৰ ছাল, চুলিৰ বেমাৰ,চকুৰ বেমাৰ আদিৰো একেই প্ৰভাৱত হোৱা বুলি বিশেষজ্ঞ সকলে ক’ব খোজে।যাকলৈ অঞ্চলবাসী ৰাইজ ত্ৰাসিত হৈ পৰিছে।অচিৰেই  এই  ইটাভাতা সমূহৰ  ওপৰত যদি একো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেনেহলে গছ- গছনি শূণ্যই নহয় জনশূণ্য হৈ পৰিবলৈ বেছি দিন নালাগিব।

Leave A Reply