Breaking

ব্ৰিটেইনৰ সংসদত সুৰক্ষিত নহয় ব্ৰিটিছ মহিলা…

0 49

ইয়াৰ পূৰ্বে ব্ৰিটেইনৰ সংসদৰ এজন সদস্যই সংসদত বহি অশ্লীল ছবি চোৱাৰ অভিযোগ উত্থাপিত হৈছিল। এই ঘটনাক লৈ বহু বিতৰ্কও হৈছিল। কিন্তু এইবাৰ এগৰাকী মহিলা সদস্য চাৰ্লট নিকোলাছে দাবী কৰিছে যে সংসদত ৪০ জন সাংসদৰ এখন ‘গোপন তালিকা’ আছে। মহিলাসকলক তেওঁলোকৰ বিষয়ে সতৰ্ক কৰিব। তেওঁলোকক তেওঁলোকৰ পৰা সাৱধান হ’বলৈ কোৱা হৈছে। স্বাভাৱিকতে, এনে এক চাঞ্চল্যকৰ দাবীক লৈ পুনৰ বিতৰ্কৰ সৃষ্টি হৈছে।

লেবাৰ পাৰ্টিৰ সদস্যই চাৰ্লটে কৈছে যে তালিকাৰ এটা ডাঙৰ অংশ মহিলাসকলক উৎপীড়ন কৰা আৰু তেওঁলোকৰ সৈতে অশালীন আচৰণ কৰাৰ বাবে কুখ্যাত। তেওঁৰ ভাষাত “মোক তেওঁলোকৰ পৰা কোনো পানীয় নল’বলৈ বা লিফ্টত নাযাবলৈ কোৱা হৈছে। সহজ ভাষাত ক’বলৈ গ’লে তেওঁলোকক যেন এৰাই চলো।‘’

অৱশ্যে তালিকাখনত কোন আছে সেয়া তেওঁ স্পষ্ট কৰা নাই। কিন্তু তেওঁলোকৰ মাজত দুজন কেবিনেট সদস্য আছে বুলি সদৰী কৰিছে।

এনে অভিযোগ স্বত্বেও সেই সাংসদসকল কেনেকৈ সংসদত আছে তাক লৈ  স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হয়। চাৰ্লটে কয়, “আমি সকলোৱে সেইটো জানো। কিন্তু একোৱে হোৱা নাই। তেওঁলোকে আমাৰ চাৰিওফালে ঘূৰি ফুৰে আৰু তেওঁলোকৰ নিজৰ কাম কৰে। এনেদৰেই চলি আছে।‘’

চাৰ্লট নিকোলাছে স্পষ্টভাৱে কয় যে তেওঁ এনে পৰিস্থিতিত তেওঁ সংসদত একেবাৰে “সুৰক্ষিত” অনুভৱ নকৰে।


ঋষি চুনাকে ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ আৰম্ভ কৰাৰ সময়তে এনে এক বিস্ফোৰক দাবী মুকলিকৈ ওলাই আহিছে। চুনাকৰ মন্ত্ৰীসভাৰ এজন সদস্য গেভিন উইলিয়ামছনে এজন জ্যেষ্ঠ আমোলাক হাৰাশাস্তি কৰাৰ অভিযোগ উঠাৰ পিছত ইতিমধ্যে পদত্যাগ কৰিছে। এতিয়া চাৰ্লটৰ ভাষ্যৰ পিছত চুনাকে কি সিদ্ধান্ত লয় সেয়া লক্ষ্যণীয় হৈ পৰিছে।

Leave A Reply