Breaking

হাজোৰ দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দমদমা ৰত্ন বঙ্কিম চন্দ্ৰ শৰ্মাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন- স্মৃতিচাৰন সভা সম্পন্ন

0 1,034

তীৰ্থনগৰী হাজোৰ যশস্বী শিক্ষাবিদ, দমদমা ৰত্ন বঙ্কিম চন্দ্ৰ শৰ্মাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতিচাৰন সভাখন আজি দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত হ’য়। তদুপলক্ষে পুৱাৰ ভাগত ছহিদ তৰ্পণ কৰে সমাজসেৱক, বন্যাৰ্তৰ বন্ধু, উদ্যোগপতি বনমালী শৰ্মাই;গছপুলি ৰোপণ আৰু বিতৰণৰ অন্তত স্মৃতি তৰ্পণ কৰে বিশিষ্ট চিকিৎসক ডাঃ জীৱন দত্ত বৰুৱাই। ইয়াৰ পিছতেই দমদমা ৰত্ন বঙ্কিম চন্দ্ৰ শৰ্মা স্মৃতিৰক্ষা সমিতিৰ সভাপতি কনক শৰ্মাৰ পৌৰোহিত্যত অনুস্থিত হয় প্ৰতিমূৰ্তি উন্মোচন, স্মৃতিচাৰন সভা, সম্বৰ্ধনা অনুস্থান, স্মাৰক গ্ৰন্থ, জীৱনী আৰু ৰচনাৱলী উন্মোচনী সভা। প্ৰয়াত যশস্বী শিক্ষাবিদ বঙ্কিম চন্দ্ৰ শৰ্মাৰ সহধৰ্মিনী গিৰিবালা দেৱীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা প্ৰয়াত যশস্বী শিক্ষাবিদ, দমদমা ৰত্ন বঙ্কিম চন্দ্ৰ শৰ্মাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীয়ে। স্মৃতিৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ মহন্ত আৰু ডঃ দীনেশ কাকতিয়ে আতধৰা সভাত বিশিষ্ট সাহিত্যিক-সমালোচক তথা অৱসৰী অধ্যক্ষ ডঃ দয়ানন্দ পাঠকে আজি প্ৰয়াত বঙ্কিম চন্দ্ৰ শৰ্মাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতিচাৰন সভা উপলক্ষে সমাবেত চাৰিটাকৈ প্ৰজ্বন্মৰ মিলন সচাকৈ এক সোণালী দিন বুলি অভিহিত কৰে।সভাত প্ৰয়াত বঙ্কিম চন্দ্ৰ শৰ্মাৰ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতিচাৰন উপলক্ষে তিনিখনকৈ গ্ৰন্থ ক্ৰমে স্মাৰক গ্ৰন্থ, ৰচনাৱলী আৰু জীৱনী গ্ৰন্থ উন্মোচন কৰে।

অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই প্ৰয়াত বঙ্কিম চন্দ্ৰ শৰ্মাৰ প্ৰতিমূৰ্তি উন্মোচন আৰু স্মৃতিচাৰন সভা উপলক্ষে স্মৃতিৰক্ষা সমিতিয়ে প্ৰকাশ কৰা ” স্মাৰক গ্ৰন্থ” উন্মোচন কৰে ।ইয়াৰ পিছতে ৰচনাৱলী উন্মোচন কৰে অধ্যাপক ডঃ দীপক কুমাৰ শৰ্মাই আৰু জীৱনী গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ডঃ দয়ানন্দ পাঠকে। কামৰূপ জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক অপূৰ্ব কুমাৰ ঠাকুৰীয়াই অংশ গ্ৰহণ কৰা সভাত প্ৰয়াত বঙ্কিম চন্দ্ৰ শৰ্মাৰ কৰ্মময় জীৱনৰ অৱসৰী শিক্ষক, কৰ্মচাৰী, অশীতিপৰ ছাত্র সমাজৰ লগতে অঞ্চলটোৰ উচ্চ-উচ্চতৰ মাধ্যমিক আৰু মহাবিদ্যালয়ৰ প্ৰধান সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

Leave A Reply