Breaking

চিলাপথাৰত ব্রাউন চুগাৰ, নগদ ধনসহ দুইজনক কৰায়ত্ত

0 53

ধেমাজি আৰু চিলাপথাৰ আৰক্ষীৰ যুটীয়া অভিযানত দেওবাৰে দুজন যুৱকক আটক কৰাৰ লগতে ১৮.৮ ওজনৰ গ্রাম ব্রাউন চুগাৰ আৰু ৯ হেজাৰ ২৮০ টকা, এটা খালী চিৰিঞ্জ, এখন হিৰ’ বাইচাইকেল আৰু দুটা ম’বাইল ফোন জব্দ কৰে। ধেমাজি গােহাঁই গাঁৱৰ কেশৱ বুঢ়াগােঁহাইৰ পুত্র আকাশ বুঢ়াগােহাই (২১)আৰু চিলাপথাৰৰ ৰবীন চন্দ্র পাইটৰ পুত্র মানসপাইট (২৩) যুৱক দ্বয়ে ধেমাজি সদৰৰ পৰা চিলাপথাৰ নগৰত ১৮.৮ গ্রাম ব্রাউন চুগাৰ বিক্ৰী কৰিবলৈ অহাৰ গোপন তথ্যৰ ভিত্তিত ধেমাজি আৰক্ষীৰ দলে তানুসৰণ কৰি খেদি যায়। ৩৫ কিল’মিটাৰ দূৰত্ব অনুসৰণ কৰি চিলাপথাৰ আৰক্ষীৰ সহযােগত যুটীয়া অভিযান চলাই চিলাপথাৰ জোনাকী নগৰত চুগাৰসহ দুয়ো জনক হাতে-লােটে কৰায়ত্ত কৰে।

Leave A Reply