Breaking

অভয়াপুৰীত নৃশংস হত্যাকাণ্ড , বন্ধুৱে হত্যা কৰিলে আন এজন বন্ধুক…

0 90

অভয়াপুৰীত চাঞ্চল্যকৰ ঘটনা। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ খগৰপুৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বন্ধুৰ হাতত প্ৰাণ গ’ল বন্ধুৰ। বন্ধুৱে হত্যা কৰিলে আন এজন বন্ধুক। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত ধুলাউৰাত এই নৃশংস হত্যাকাণ্ড ।

বন্ধুৰ চুৰিকাঘাটত প্ৰাণ গ’ল বন্ধুৰ।নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনা।নিহত যুৱকজনৰ নাম অজিত নাথ। হত্যাকাৰী বন্ধুজনৰ নাম মুকুন্দ সুত্ৰধৰ বুলি জানিব পৰা গৈছে।সংকটজনক অৱস্থাত অজিত নাথক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও মৃত্যুক আকোঁৱালি লয় যুবকজনে ।অৱশেষত হত্যাকাৰী মুকুন্দ সুত্ৰধৰক আটক কৰে উত্তৰ শালমাৰা আৰক্ষীয়ে।

Leave A Reply