নৃশংসঃ লাঠীৰে মৰিয়াই মৰিয়াই যুৱকে হত্যা কৰিলে পোহনীয়া কুকুৰক, গোচৰ ৰুজু

জীৱকুলৰ প্ৰতি বহু মানুহৰ নৃশংসতা বৃদ্ধি পাইছে। শেহতীয়াকৈ এজন ২২ বছৰীয়া যুৱকে এটি কুকুৰক নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰাৰ বাবে গোচৰ ৰুজু কৰা হৈছে।

ঘটনাটো উত্তৰ প্ৰদেশৰ পুৰাণপুৰৰ চাহুকাৰা এলেকাত সংঘটিত হৈছে। কুকুৰটোৱে খাদ্যৰ সন্ধানত অভিযুক্ত বিশাল কুমাৰৰ ঘৰত প্ৰৱেশ কৰিছিল।স্থানীয় বাসিন্দাসকলৰ মতে, কুকুৰটোৱে এমাহ আগতে পাঁচটা পোৱালী জন্ম দিছিল, আৰু অভিযুক্তৰ পৰিয়ালে কুকুৰটো তুলি লৈছিল।সমাজকৰ্মী প্ৰদীপ বাৰ্মাই তেওঁৰ অভিযোগত কয় যে কুকুৰটোক প্ৰহাৰ কৰাৰ পিছত অভিযুক্তজনে ইয়াক প্ৰায় ২০০ মিটাৰ লৈকে টানি নি ৰে’ল ষ্টেচনৰ ওচৰৰ এটা নলাত পেলাই দিয়ে।বাৰ্মাই তেওঁৰ সহকৰ্মীসকলৰ সৈতে ঘটনাস্থলীলৈ দৌৰি গৈছিল আৰু কুকুৰটোক পশু চিকিৎসালয়লৈ লৈ গৈছিল কিন্তু পশু চিকিৎসকে কুকুৰটোক মৃত বুলি ঘোষণা কৰে।মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কুকুৰটোৰ একাধিক স্থানত ৰক্তক্ষৰণ আৰু হাড় ভঙা পোৱা গৈছে।পুৰাণপুৰ কোতৱালী আৰক্ষী থানাৰ এছএইচঅ’ অশোক পালে কয় যে অভিযুক্তজনৰ বিৰুদ্ধে আইপিচি ধাৰা ৪২৮ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। তেওঁক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি পালে কয়।

Related Articles