Breaking

বি টি আৰত মূল্যবোধৰ ৰাজনীতি চলিছে, হিংসাৰ ৰাজনীতি বন্ধ হৈছে : প্ৰমোদ বড়ো

0 2,026

”সম্পূৰ্ণ পৰিৱৰ্তন বিচাৰিছে বি টি আৰ বাসীয়ে । তাৰ বাবে ইউ পি পি এল দলত দিনক দিনে যোগদান দিব ধৰিছে সকলো শ্ৰেণীৰ লোকে ৷ দূৰ্নীতি ভ্ৰষ্টাচাৰ হিংসা মুক্ত সমাজ গঢ়াৰ পক্ষপাতীত সকলোৱেই আগুৱাই আহিছে ৷ বি টি আৰত এতিয়া মূল্যবোধৰ ৰাজনীতি চলিছে ,হিংসাৰ ৰাজনীতি বন্ধ হৈছে ৷” এনে দৰে কয় বি টি আৰৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷

আজি অসম বংগ সীমান্তৱৰ্তী বাজুগাঁৱত ইউ  পি পি এল দলৰএখন যোগদান সভাত অংশ গ্ৰহণ কৰি বড়োৱে আৰু কয় যে বি পি এফৰ শাসন কালত  দূৰ্নীতিয়ে ছানি ধৰাখিনি ছাপা কৰিব লাগিব ৷বি টি আৰত বড়ো অবড়োৰ ৰাজনীতিৰো যৱনিকা পৰিছে ৷ নিৰ্বাচন আহিব যাব ৷ কিন্ত সমাজ পাতি যুগ যুগান্তৰ বসবাস কৰিব লাগিব ৷ সেয়ে এখন সুন্দৰ সবল সমাজ গঢ়াৰ বাবে সকলোৱে হাতে হাত ধৰি আগুৱাই আহিব লাগিব ৷

কোনোবাই যদি ভবিছে আমি আকৌ জংঘল মুখী হম আৰু সমাজত অশান্তি কৰিম ৷তেনে চিন্তা সমুলি পৰিত্যাগ কৰা ভাল  কাৰণ সমাজত অশান্তি কৰিব নিদিম ৷বি টি আৰ নিৰ্বাচনত ইউ পি পি এল দলে ৰাইজক যি সমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই সমূহ বাস্তৱিক কৰিবলৈ দল সংকল্পবদ্ধ ৷ইউ পি পি এলৰ দলৰ যুৱ নেতা মিঠুন বসুমাতাৰীৰ পৰিচালনাত অনুষ্ঠিত  হোৱা যোগদান সভাত এ আই ইউ ডি এফ ,কংগ্ৰেছ ,বিজেপি আদি  দল ত্যাগ কৰি প্ৰায় ৪০ গৰাকী পূৰুষ- মহিলাই ইউ পি পি এল দলত যোগদান কৰে ৷

আজিৰ এই যোগদান কাৰ্যসূচীত ২০১৬ চনৰ বিধান  সভা নিৰ্বাচনত এ আই ইউ  ডি এফ দলৰ পৰা টিকট লৈ গোসাইগাঁও বিধান সভা সমষ্টিত প্ৰতিদ্বন্দ্বীতা আগবঢ়াই পৰাজিত হোৱা ৰবি শংকৰ কাশী ৰেড্ডী  ইউ পি পি এল দলত যোগদান কৰে ৷

যোগদানকাৰী সকলক বি টি আৰৰ চীফ্ প্ৰমোদ বড়োৱে আৰনাই, ফুলাম গোমছাৰে আদৰি লয় ৷ যোগদান সভাত ইউ পি পি এল দলৰ নেতা হোপনা সৰেন, আবজালুৰ ৰহমান, জিৰন বসুমাতাৰী, সোমনাথ বসুমাতাৰী, খাইৰুল আলম মিঞা, আবুক্কৰ ছিদ্দিক উপস্থিত আছিল ৷

Leave A Reply