Breaking

বাজেট ২০২২ঃ মহিলাৰ সুস্থতাৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰাটো বিচাৰে উদ্যোগীসকলে

0 1,058

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট ২০২২-২০২৩। এই বাজেটে কাৰ বাবে কেনে বতৰা কঢ়িয়াই আনিব তাকেলৈ এতিয়া বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈ গৈছে। ইয়াৰ মাজতে দেশৰ একাংশ আগশাৰীৰ উদ্যোগীয়ে এইবাৰৰ বাজেটত মহিলাসকলৰ সুস্থতাৰ বিষয়টোৱে অধিক গুৰুত্ব পোৱা উচিৎ বুলি মন্তব্য কৰিছে। মহিলা উদ্যোগী আনিকা পৰাশৰে কৈছে যে বাজেটে মহিলাৰ সুস্থতাৰ ওপৰত গুৰুত্ব দিব লাগে – বিশেষকৈ ঋতুস্ৰাৱৰ পৰিচ্ছন্নতাৰ ওপৰত। বাজেটত মহিলাসকলৰ বাবে অধিক চাকৰি আৰু শিক্ষাৰ সুযোগ প্ৰদান কৰিব লাগে বুলিও পৰাশৰে কয়। দ্য ৱমেন কোম্পানীৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আনিকা পৰাশৰে কয়, “কেন্দ্ৰীয় বাজেটে মহিলাৰ সুস্থতাৰ ওপৰত গুৰুত্ব দিব লাগে – বিশেষকৈ ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা।

আমাৰ ইতিমধ্যে চেনিটাৰী পেডৰ ওপৰত কৰ ৰেহাই আছে, অৱশ্যে, ইয়াৰ উৎপাদন আৰু উৎপাদনৰ পৰিসৰ সম্প্ৰসাৰিত কৰিব লাগে।” তেওঁ লগতে কয় যে কেঁচা সামগ্ৰীৰ আমদানি শুল্ক হ্ৰাস কৰিলে অধিক ভাৰতীয় নিৰ্মাতাক দেশত জৈৱ-পচনশীল পেড নিৰ্মাণ আৰম্ভ কৰিবলৈ উৎসাহিত কৰিব। প্লাষ্টিক সামগ্ৰীৰ দ্বাৰা উৎপাদিত আৱৰ্জনা হ্ৰাস কৰিবলৈ জৈৱ-পচনশীল ঋতুস্ৰাৱ সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ বাট বাজেটে মুকলি কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। চানফেৰ সহঃ প্ৰতিষ্ঠাপক হেৰী চেহৰাৱতে কয় যে কেন্দ্ৰীয় বাজেটে মহিলাসকলক ঋতুস্ৰাৱৰ পৰিচ্ছন্নতা আৰু এই বিষয়বোৰৰ বিষয়ে অধিক মুক্ত হোৱাৰ বিষয়ত গুৰুত্ব দিব লাগে ।

চৰকাৰে জৈৱ-পচনশীল সামগ্ৰী ব্যৱহাৰৰ প্ৰতি মহিলাসকলক উৎসাহিত কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে। চেনিটাৰী পেডৰ ওপৰত কৰ ৰেহাইৰ উপৰি আমদানি শুল্কৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধিব পাৰিলে দেশৰ মহিলাসকল উপকৃত হ’ব বুলিও তেওঁ কয়।

Leave A Reply