Breaking

সু-স্বাস্থ্যৰ বাবে গঢ়ি তোলক কেইটামান ভাল‌ অভ্যাস…

0 205

মানৱ জীৱন মানেই যেন গঢ়ি লোৱা কিছু অভ্যাসৰ সমষ্টি। বয়সৰ বিভিন্ন স্তৰত প্ৰতিগৰাকী ব্যক্তিৰে কিছু অভ্যাস গঢ়ি উঠে। অভ্যাসসমূহ গঢ়ি তোলা অথবা গঢ়ি উঠাৰ সময়ত তাৰ ইতিবাচক-নেতিবাচক দিশসমূহ প্ৰায়ে লুকাই থাকে। পিচে সময়ত যেতিয়া এনে দিশসমূহ প্ৰকাশ হয়, তেতিয়া বেয়া অভ্যাসবোৰ মানুহে ত্যাগ কৰাৰ আৰু ভাল অভ্যাসবোৰ ধৰি ৰখাৰ প্ৰয়াস কৰে। কিন্তু বাহ্যিক দৃষ্টিত ভাল তথা স্বাস্থ্যকৰ যেন লগা কিছু অভ্যাস আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এই লেখাত তেনে কিছু ক্ষতিকাৰক “ভাল অভ্যাসৰ বিষয়েই বিশ্লেষণ আগবঢ়োৱা হ’ল-

  • আমি প্রায় প্রত্যেকেই সৰুৰে পৰাই শুনি আহিছো যে দৈনিক তিনি-চাৰি লিটাৰ পানী খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি জৰুৰী। কিন্তু বৰ্তমান স্বাস্থ্য সম্বন্ধীয় এক গৱেষণাত কিছু ভিন্ন কথাহে প্রকাশিত হৈছে৷ গৱেষণাত প্রমাণিত হৈছে যে কেৱল মাত্ৰ পিয়াহ লাগিলেহে পানী খোৱা উচিত। অতিৰিক্ত পানী খোৱাৰ বাবে পেট ফুলা, বদহজম আদি নানান সমস্যা হোৱাৰ সম্ভাৱনা থাকে।
  • ঘৰৰ বাহিৰত হোটেল-ৰেস্তোৰাত খোৱাৰ সময়ত অথবা ভ্ৰমণ কৰাৰ সময়ত আমি বটলৰ পানী (মিনাৰেল ৱাটাৰ) কিনি খাওঁ। এনে পানী খোৱা স্বাস্থ্যসন্মত বুলি ভাবি লোৱা হয় যদিও প্ৰকৃতাৰ্থত সেয়া শুদ্ধ নহয়। এনে পানীত ফ্ল’ৰাইড একেবাৰেই নাথাকে, যাৰ ফলত দাঁতৰ ক্ষতি হ’ব পাৰে। বহু লোকে ফ্ল’ৰাইড ক্ষতিকাৰক বুলি ভাবে যদিও ফ্ল’ৰাইড এক খনিজ লৱণ যিয়ে আমাৰ দাঁত সুন্দৰ ৰখাত সহায় কৰে। অত্যাধিক ফ্ল’ৰাইডযুক্ত পানীহে শৰীৰৰ বাবে ক্ষতি কাৰক। সেয়েহে পিউৰিফায়াৰ বা ফিল্টাৰৰ পানী খোৱাহে বটলৰ পানী খোৱাতকৈ অধিক স্বাস্থ্যসন্মত।

  • আমি খোৱা খাদ্যকণাই আমাৰ দাঁতত কিছু পৰিমাণে হ’লেও এচিড এৰি যায়। সেই এচিডে আমাৰ দাঁতৰ এনামেল দুর্বল কৰি তোলে। বহু ব্যক্তিৰে প্ৰতিবাৰ খাদ্যগ্ৰহণ কৰাৰ পিচতেই দাঁত ব্ৰাছ কৰাৰ অভ্যাস আছে। কিন্তু এনেদৰে সঘনে দাঁত ব্ৰাছ কৰিলে দাঁতৰ দুৰ্বল এনামেলক অধিক ক্ষতিগ্রস্ত কৰাহে হয়। সেয়েহে দৈনিক দুবাৰকৈ দাঁত ব্ৰাছ, কৰাটোৱেই অধিক স্বাস্থ্যসন্মত বুলি গৱেষণাত প্রকাশিত হৈছে। অন্য সময়ত খাদ্যগ্ৰহণৰ পিচত পানীৰ অথবা মাউথৱাছৰ সহায়ত ভালদৰে মুখ ধোৱাহে দাঁতৰ স্বাস্থ্যৰ বাবে প্রয়োজনীয়।

নিয়মীয়াকৈ শাৰিৰীক ব্যায়াম কৰাৰ অভ্যাসে ব্যক্তিৰ মেদ, অৱসাদ আদি সকলো হ্রাস কৰে। কিন্তু সেই বুলিয়েই অতিৰিক্ত ব্যায়াম কৰাটো শৰীৰৰ বাবে ক্ষতিকাৰকহে। অতিৰিক্ত শাৰিৰীক ব্যায়ামে ব্যক্তিৰ হৃদয় দুৰ্বল কৰি তোলাৰ লগতে ‘কাৰ্ডিঅ’ভাছকুলাৰ ষ্ট্ৰেছ’ বৃদ্ধি কৰে।

  • সপ্তাহটোৰ পৰিশ্ৰমৰ অন্তত ছুটীৰ দিনটোত বেছি সময়ৰ বাবে শোৱাৰ অভ্যাস আমাৰ মাজৰ বহুতৰে আছে। কিন্তু শোৱাৰ সময়ৰ এনে খেলিমেলিয়ে স্বাস্থ্য ভালে ৰখাৰ বিপৰীতে স্বাস্থ্যৰ ক্ষতিসাধনহে কৰিব পাৰে। দৈনিক সাত-আঠ ঘণ্টা শোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। এই অভ্যাস যাতে ছুটীৰ দিনাও অপৰিবর্তনীয় হৈ ৰয়, তাৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰখাটো উচিত।
Leave A Reply