Breaking

টিংখাঙত বুঢ়ীদিহিঙৰ প্ৰৱল খহনীয়া অব্যাহত

0 1,252

ৰাজ্যখনত কেইবাখনো জিলাত বানপানী আৰু খহনীয়াই ত্ৰাসৰ সৃষ্টি কৰি আহিছে।প্ৰতিবছৰে হোৱাৰ দৰে চলিত বৰ্ষত বানপানী আৰু খহনীয়াৰ বাবে বহুলোক সৰ্বস্বান্ত হ’ৱ লগা হৈছে।খেতি মাটিৰ লগতে ঘৰ দুৱাৰ পৰ্যন্ত বানপানী আৰু খহনীয়াত জাহ যোৱাত পৰিয়ালসমূহৰ মাজত হাহাকাৰময় পৰিবেশ সৃষ্টি হৈছে।তদুপৰি বহুতো পৰিয়ালৰ মাটি ভেটি নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে।শেহতীয়াভাৱে ডিব্ৰুগড় জিলাৰ টিংখাং ৰাজহ চক্ৰৰ অন্তৰ্গত ধমন অঞ্চলৰ এক বিস্তৃৰ্ণ কৃষি ভূমি বুঢ়ীদিহিং নদীৰ কৱলত পৰিছে।অঞ্চলটোৰ আঘোণীবাৰী,চেচাঁ নেপালী,কেন্দুগুৰি আদি কেবাখনো গাঁৱত বুঢ়ীদিহিং নদীয়ে সৃষ্টি কৰা খহনীয়াই ভয়াবহৰূপ ধাৰণ কৰিছে।বিগত কেবাবছৰ ধৰি অঞ্চলটোত অব্যাহত থকা খহনীয়াত বৃহৎ পৰিমাণৰ খেতি পথাৰ জাহ গৈছে।তদুপৰি বহুকেইটা পৰিয়ালৰ মাটি ভেটি নৈখনৰ বুকুত বিলীন হৈছে।জানিব পৰা মতে মূল্যবান গছ গছনিৰ লগতে তামোল পাণ,কল কুঁহিয়াসহ আন আন ফল মূলেৰে ভৰা বাৰী মাটি নৈয়ে গ্ৰাস কৰাত কৃষিজীৱী পৰিয়ালকেইটাই দুৰ্বিহ জীৱন কটাব লগা হৈছে।খহনীয়াৰ লগতে অঞ্চলটোত প্ৰতিবছৰে নৈখনৰ বাঢ়নী পানীয়ে তাণ্ডৱ সৃষ্টি কৰি আহিছে।নৈখনৰ বাঢ়নী পানীয়ে অঞ্চলটোত বিস্তৃৰ ক্ষতি সাধন কৰি অহাৰ বাবে বাৰিষাৰ সময়ছোৱাত জনসাধাৰণে জীয়াতু ভূগিব লগা হয়।বানাক্ৰান্ত অঞ্চলটোৰ সৰ্বসাধাৰণলোকৰ লগতে পশু খাদ্যৰ অভাৱনীয় সংকটে দেখা দিয়ে।বাৰিষাৰ সময়ছোৱাত অঞ্চলটোৰ সকলোবিলাক শিক্ষানুষ্ঠান বন্ধ ৰাখিব লগা হয়।বাট পথৰ  অৱস্থা শোচনীয় হৈ পৰা বাবে অঞ্চলটোত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে।উল্লেখ্যে যে বিগত সময়ছোৱাত বানাক্ৰান্ত অঞ্চলটোৰ উন্নয়নৰ বাবে চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰা নাই। যাৰ বাবে অঞ্চলটোৰ জনসাধাৰণৰ মাজত তীব্ৰ ক্ষোভ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অঞ্চলটোৰ ক্ষোভিত কৃষিজীৱী জনসাধাৰণে বানপানীৰ লগতে খহনীয়া প্ৰতিৰোধ কৰিবলৈ চৰকাৰক দাবী কৰিছে।বিশেষকৈ এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা টিংখাং বিধান সভা সমষ্টিৰ পৰা ৰাজ্য বিধান সভালৈ দুবাৰকৈ নিৰ্বাচিত হোৱা বিমল বড়াৰ যাৱতীয় পদক্ষেপ কামনা কৰিছে।এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত টিংখাং বিধান সভা সমষ্টিৰ ধমন অঞ্চলৰ লগতে দিচাং নদীয়ে দিল্লীবাৰী,মাহমৰা আদি কেবাঠাইত গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দিল্লীবাৰী অঞ্চলত দিচাং নৈৰ খহনীয়াই ঐতিহাসিক মাহমৰা গড়কাপ্তানী বিভাগৰ পথটোৰ এটা অংশ গ্ৰাস কৰাত যাতায়তৰ বাবে বিপদজনক হৈ পৰিছে।তদুপৰি অঞ্চলত দীৰ্ঘকাল বসতি কৰা বহুকেইটা পৰিয়ালে নৈখনৰ খহনীয়াৰ বাবে নিৰাপদ ঠাইলৈ ঘৰ ভঁৰাল স্থানান্তৰ কৰিব লগা হৈছে।

Leave A Reply