Breaking

চিৰাঙত দিশহাৰা বাছ চালক-কন্ডাক্টৰ-হ্যান্ডিমেন

0 1,037

ক’ভিড-19ৰ দ্বাৰা ৰাজহুৱা পৰিবহন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। আন্তঃ জিলাৰ গতিশীলতা সম্পূৰ্ণভাৱে বন্ধ হোৱাৰ ফলত ৰাজ্যৰ চহৰবোৰৰ মটৰ চালক সকলে তেওঁলোকৰ ভৱিষ্যতৰ সাৰ্থকতাৰ বাবে কঠিন প্ৰশ্নৰ সন্মুখীন হ’ব লগীয়া হৈছে। তাৰেই প্ৰতিৰূপ দেখিবলৈ পোৱা গৈছে চিৰাঙৰ বাসুগাঁৱত। কভিড সংক্ৰমণৰ দ্বিতীয় ঢৌৰ পৰা হাত সাৰিবলৈ আন্তঃ জিলা যাতায়ত ব্যৱস্থা বন্ধ হৈ যোৱাৰ পিছত ক্ৰমশঃ জীৱিকাহীন হৈ পৰিছে বাছ চালক সহ কন্ডাক্টৰ-হ্যান্ডিমেন সকল। উপাৰ্জন সম্পূৰ্ণ ভাৱে বন্ধ হৈ পৰাত গভীৰ আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে। কৰ্ম সংস্থানহীন হোৱা এই দীৰ্ঘ সময়ছোৱাত বিকল্প কোনো কৰ্ম সংযোগ সম্ভৱপৰ হৈ নুঠাত ল’ৰা-ছোৱালীৰ শিক্ষাকে আদি কৰি পৰিয়ালটোৰ পোহপাল দিয়াৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ হৈ উঠাত ক্ৰমাৎ দিশহাৰা হৈ পৰিছে এই বাছ কৰ্মীসকল। এই ক্ষেত্ৰত বাসুগাঁৱৰ ৰাজহুৱা বাছ সন্থাৰ সম্পাদক দীপক সাহা আৰু সন্থাৰ সক্ৰিয় সদস্য খোকন কৰ্মকাৰে কয় যে দীৰ্ঘ সময় ধৰি বাছ‌ পৰিবহণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত বাছৰ মালিক সকলৰো উপাৰ্জনো প্ৰায় নাইকীয়া হৈছে।ফলত এনে সংকটৰ সময়ত বাছ কৰ্মী সকললৈ আৰ্থিক সহায় সম্ভৱপৰ হৈ নুঠাত মালিক সন্থাই দুখ প্ৰকাশ কৰিছে আৰু লগতে এই ক্ষেত্ৰত সমূহ বাছ চালক-কন্ডাক্টৰ-হ্যান্ডিমেন সকলোলৈ সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত চৰকাৰলৈ শৰণাপন্ন হৈছে।

Leave A Reply